ভূটান সীমান্তৰ গয়বাৰী- সমবায় বস্তী পথৰ আধাৰশীলা স্থাপন বিধায়ক জলেন দৈমাৰীৰ

Telegram

ভূটান সীমান্তৰ গয়বাৰী- সমবায় বস্তী পথৰ আধাৰশীলা স্থাপন বিধায়ক জলেন দৈমাৰীৰ

 

ৰমেন দাস,তামুলপুৰ,১৬ জুন- তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ গয়বাৰী বজাৰ- সমবায় বস্তী হৈ পৰ্যটনথলি বগামাটিলৈ যোৱা গ্ৰাম্য পথটোৰ পুনৰ নিৰ্মানৰ বাবে আজি আধাৰশীলা স্থাপন কৰা হয় ৷ অসম চৰকাৰৰ গ্ৰাম্য আন্ত:গাঠন উন্নয়ণ আঁচনিৰ অধীনত এক কৌটী নব্বৈ লাখ টকা ব্যয়েৰে পুনৰ নিৰ্মান হ’ব লগা পথটোৰ আধাৰ শীলা স্থাপন কৰে তামুলপুৰ বিধায়ক জলেন দৈমাৰীয়ে ৷ আধাৰশীলা স্থাপন কৰি বিধায়ক জলেন দৈমাৰীয়ে কয় বৃহত্তৰ গয়বাৰী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক সন্মান জনাই পথটোৰ পুনৰ নিৰ্মানৰ শুভাৰম্ভ কৰা হল ৷ খুউব কম দিনৰ ভিতৰতে পথটোৰ নিৰ্মানৰ কাম সম্পন্ন হব বুলিও আশা প্ৰকাশ কৰে বিধায়ক জলেন দৈমাৰীয়ে ৷ পথটোৰ নিৰ্মানৰ কাম শেষ হলেই বিশেষকৈ অঞ্চলটোৰ কৃষিজীৱি লোক লাভাম্বিত হব বুলিও মন্তব্য কৰে বিধায়ক দৈমাৰীয়ে ৷ আজি আধাৰশীলা স্থাপন অনুস্থানত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পাৰিয়দ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাস,পৰিবেশ কৰ্মী তথৈ যুৱ সমাজকৰ্মী মাধৱ ছেত্ৰী, তামুলপুৰ জিলা ইউপিৰিএলৰ সম্পাদক গণেশ নাথ, নাগ্ৰীজূলি ব্লক ইউপিপিএল সভাপতি হৰি গৌতম লগতে বিজেপি দলৰ নেতা-কৰ্মী তথা অঞ্চলটোৰ গণ্যমান্য লোক সকল উপস্থিত থাকে ৷

  • Related Posts

    • Current
    • September 17, 2025
    • 4 views
    • 1 minute Read
    চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

    Telegram

    TelegramTweetচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ   চতিয়া, ১৭ ছেপ্টেম্বৰঃ চতিয়াৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মৰনৈ নদীৰ ওপৰৰ পুৰনি দলংখনত মঙলবাৰে বিয়লি হঠাতে বৃহৎ…

    • Current
    • September 16, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *