ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত গৌৰৱ ৰেল কেইখনমান ৰেলৰ সময়সূচীত সংশোধন

Telegram

ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত গৌৰৱ ৰেল

কেইখনমান ৰেলৰ সময়সূচীত সংশোধন

 

মালিগাওঁ, ০১ জানুৱাৰী, ২০২৫:

 

উত্তৰ-পূব ভাৰতত পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা ভুচবল আৰু গুৱাহাটীৰ মাজত ভাৰত গৌৰৱ ৰেল চলোৱা হব। ৰে’ল নং ০০১৩১ ১ জানুৱাৰী, ২০২৫ তাৰিখে ০৮:০০ বজাত ভুচবলৰ পৰা যাত্ৰা আৰম্ভ কৰি ৩ জানুৱাৰী, ২০২৫ তাৰিখে ০৭:৩০ বজাত গুৱাহাটীত আহি উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেলখন গুৱাহাটীৰ পৰা ৪ জানুৱাৰী, ২০২৫ তাৰিখৰ ১৮:৩০ বজাত প্ৰস্থান কৰি ৭ জানুৱাৰী, ২০২৫ তাৰিখৰ ০৩.৪০ বজাত ভুচবলত গৈ উপস্থিত হ’ব। উভয় পথৰ যাত্ৰাৰ সময়ত ৰে’লখন বিদিশা, মাণিকপুৰ, বাৰাউনি, কাটিহাৰ, নিউ জলপাইগুড়ী, নিউ বঙাইগাওঁ হৈ চলাচল কৰিব। এই ভাৰত গৌৰৱ বিশেষ ৰে’লখনৰ লক্ষ্য হৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্য উদযাপনৰ দ্বাৰা অনন্য ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা।

 

ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা যাত্ৰীসকলৰ উন্নততৰ সুবিধাৰ বাবে তলত দিয়া বিৱৰণ অনুসৰি কেইখনমান ৰে’লৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে:

 

ৰেল নং ০৫৬৩৮ শিলচৰ- নাহৰলগুন এক্সপ্ৰেছ ৬ জানুৱাৰীৰ পৰা ৩১ মাৰ্চ, ২০২৫ তাৰিখলৈ প্ৰত্যেক সোমবাৰে শিলচৰৰ পৰা ১৩:১০ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:৪০ বজাত নাহৰলগুনত উপস্থিত হব। উভতনি যাত্ৰাৰ সময়ত ৰেল নং. ০৫৬৩৭ নাহৰলগুন – শিলচৰ এক্সপ্ৰেছ ৭ জানুৱাৰীৰ পৰা ১ এপ্ৰিল, ২০২৫ তাৰিখলৈ প্ৰত্যেক মঙলবাৰে নাহৰলগুনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫:২০ বজাত শিলচৰত উপস্থিত হব। উভয় দিশৰ যাত্ৰাৰ সময়ত ৰেলখন নিউ হাফলং, লামডিং, ডিমাপুৰ, মৰিয়নি, নিউ তিনিচুকীয়া, ধেমাজি, হাৰমতী হৈ চলাচল কৰিব।

 

একেদৰে ৰেল নং ০৫৬২৮ আগৰতলা– গুৱাহাটী বিশেষ ২ জানুৱাৰীৰ পৰা ২৭ মাৰ্চ, ২০২৫ তাৰিখ পৰ্যন্ত প্ৰত্যেক বৃহস্পতিবাৰে আগৰতলাৰ পৰা ১৯:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:৪৫ বজাত গুৱাহাটীত উপস্থিত হব। উভতনি যাত্ৰাৰ সময়ত, ৰেল নং ০৫৬২৭ গুৱাহাটী-আগৰতলা বিশেষ ৩ জানুৱাৰীৰ পৰা ২৮ মাৰ্চ, ২০২৫ তাৰিখ পৰ্যন্ত প্ৰত্যেক শুক্ৰবাৰে গুৱাহাটীৰ পৰা ১৩:১৫ বজাত প্ৰস্থান কৰি পিছদিনা ০৪:১০ বজাত আগৰতলাত উপস্থিত হব। উভয় পথৰ যাত্ৰাৰ সময়ত ৰেলখন আম্বাচা, নিউ কৰিমগঞ্জ, নিউ হাফলং, লামডিং আৰু চাপৰমুখ হৈ চলাচল কৰিব।

 

বিশেষ ৰেল সেৱাৰ প্ৰাৰম্ভ আৰু পৰিচালন অনুকূল কৰাৰ জৰিয়তে যাত্ৰীসকলৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰতিশ্ৰুতিবদ্ধ। যাত্ৰীসকলে এই সেৱাৰ সুবিধা গ্ৰহণ কৰি আৰামদায়ক ভ্ৰমণ উপভোগ কৰাৰ বাবে উৎসাহিত কৰা হৈছে। অধিক তথ্যৰ বাবে, যাত্ৰীসকলে চৰকাৰী ৱেবছাইট অৱলোকন কৰিব পাৰিব অথবা নিকটতম ৰেল ষ্টেচনৰ সৈতে যোগাযোগ কৰিব পাৰিব। বিস্তৃত আপডেট আৰু তথ্যৰ বাবে যাত্ৰীসকলক উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন চচিয়েল মিডিয়া প্লেটফৰ্ম দৰ্শন কৰাৰ বাবে অনুৰোধ কৰা হল।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *