ভাৰত-ভুটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাট : হাতীৰ আক্ৰমণত এজন নিহত: শিশু সহ চাৰিজন আহত ।

Telegram

ভাৰত-ভুটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাট : হাতীৰ আক্ৰমণত এজন নিহত: শিশু সহ চাৰিজন আহত ।

============≠=================

কুমাৰীকাটা ১১ জুন :-

 

-তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভাৰত ভুটান সীমান্তবৰ্তী অঞ্চলসমুহত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে হাতী মানুহৰ সংঘাট সৃষ্টি কৰি আহিছে । যোৱা নিশাও হাতী মানুহৰ সংঘাটৰ ফলতে এক নং পাহাৰপুৰ গাওত এজন লোক নিহত হোৱাৰ উপৰি শিশু সহ চাৰিজন লোক আহত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিষয়ে জানিব পৰি মতে বনৰীয়া হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত যোৱা নিশা ১নং পাহাৰপুৰ গাঁওত প্ৰৱেশ কৰি বাৰি- বস্তিৰ গছ -গছনি, তামুল- নাৰিকল আদি ভাঙি চিঙি তহিলং কৰে। আজি নিচেই পুৱাতে ৫ বজাত গাঁওখনৰ এজন খেতিয়কে পথাৰলৈ বুলি হাল বাবলৈ গৈ পথাৰ পাওতে বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাতি অহা এটা অকলশৰীয়া হাতীয়ে কৃষক জনক খেদি আহে । কৃষক জনে হাতীয়ে খেদি অহাত পলাবলৈ চেষ্টা কৰে কৰে যদিও হাতী টোৱে খেদি খেদি কৃষক জনক আক্ৰমন কৰি লোকজনৰ পেটত গছকি নাৰি ভুৰু উলিয়াই দিয়ে ফলত পথাৰতে লোকজনে শেষ নিশ্বাস ত্যাগ কৰে। মৃত লোকজন ১নং পাহাৰপুৰ গাওঁৰ মংগ্ৰা মুণ্ডাৰ পুত্ৰ বীৰছা মুণ্ডা ( ৫৩ ) বুলি জানিব পৰা গৈছে। ইপিনে গাঁওখনৰ ৰাস্তাৰে গৈ থকা শিশু সহ চাৰিজন লোকক হাতীটোৱে আক্ৰমণ কৰি আহত কৰে। ইতিমধ্যে আহত কেইজনক ৰাইজে লগে লগে চিকিৎসালয়লৈ প্ৰেৰন কৰে । আহত কেইজন শুকানজুলী গাওঁৰ আন্দ্ৰীয়া টুদু (২৯), বিনালী চৰেন (২৬), হৰতোলা গাওঁৰ আলবিনা মুৰ্মু (১১) আৰু লেবৰাশান্তীপুৰ গাওঁৰ মিতায়ল টুডু (৯) বুলি জানিব পৰা গৈছে। ইয়াৰে দুজনৰ আঘাট গুৰুতৰ বুলি জানিব পৰা গৈছে । বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো পলমকৈহে ঘটনাস্থলীত উপস্থিত হোৱাত বনবিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । ঘটনাস্থলীত পলমকৈ হ’লেও বনবিভাগৰ লোক আৰু আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ দিহা কৰে ৷

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *