ভাৰতীয় ৰেলৱেৰ মুখ্য ৰেলপথসমূহ কৱচ ৪.০ ৰে সজ্জিতকৰণ।

Telegram

ভাৰতীয় ৰেলৱেৰ মুখ্য ৰেলপথসমূহ কৱচ ৪.০ ৰে সজ্জিতকৰণ

মালিগাঁও, ১৫ নৱেম্বৰ, ২০২৪:

 

ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশত ১০,০০০ টা ৰেল ইঞ্জিন আৰু ১৪,৩৭৫ ৰুট কিলোমিটাৰ (আৰকেএম)তকৈ অধিক ট্ৰেকত উন্নত কৱচ ৪.০ – স্বয়ংক্ৰিয় ৰেল সুৰক্ষা প্ৰণালী স্থাপন কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িছে। কৱচ প্ৰণালী স্থাপনৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে। মুঠ ১৪,৭৩৫ আৰকেএমৰ ভিতৰত, ১১০৫ আৰকেএমত স্থাপনৰ বাবে নিবিদা মুকলি কৰা হৈছে, বাকী নিবিদাসমূহ নৱেম্বৰ ২০২৪ -ৰ শেষৰ ফালে মুকলিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও, ভাৰতীয় ৰে’লৱেই ১০,০০০ টা ৰেল ইঞ্জিনত কৱচ প্ৰণালী স্থাপনৰ বাবে নিবিদা আহ্বান কৰিছে, যাৰ বিত্তীয় নিবিদা বৰ্তমান মূল্যায়নৰ পৰ্যায়ত আছে। লগতে, কৱচৰ নিম্ন সংস্কৰণ স্থাপন কৰা সকলো ৰেল ইঞ্জিন উন্নীত কৱচ ৪.০ ৰ সৈতে প্ৰতিস্থাপন কৰা হ’ব।

 

মালদা টাউনৰ পৰা ডিব্ৰুগড়লৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰায় ১৯৬৬ আৰকেএম দৈৰ্ঘ্য কৱচ ৰূপায়ণৰ বাবে চিনাক্ত কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ সময়চোৱাত ভাৰতীয় ৰে’লৱেই ৩০,০০০ আৰকেএমত কৱচ প্ৰণালী স্থাপনৰ কামত অনুমোদন জনাইছে। ইয়াৰ ভিতৰত, ১৪,৩৭৫ আৰকেএমৰ বাবে নিবিদা আহ্বান কৰা হৈছে। ভাৰতীয় ৰে’লৱেই ২০২৫-২৬ বৰ্ষত অতিৰিক্ত ১৭,০০০ আৰকেএম আৰু ২০২৬-২৮ বৰ্ষত ৩০,০০০ আৰকেএমলৈকে নিবিদা আহ্বান কৰাৰ পৰিকল্পনা কৰিছে।

 

উন্নত কৱচ ৪.০ জুলাই ২০২৪ত গৱেষণা ডিজাইন আৰু মানক সংস্থাৰ দ্বাৰা অনুমোদিত হৈছিল। সফল পৰীক্ষণৰ পিছত, পশ্চিম মধ্য ৰেলৱেৰ কোটা আৰু ছৱাই মাধোপুৰৰ মাজত ১০৮ কিলোমিটাৰ খণ্ডত কৱচ ৪.০ ৰূপায়ণ কৰা হয়। পশ্চিম ৰেলৱেৰ ৮৪ কিলোমিটাৰৰ আহমেদাবাদ- ভদোদৰা খণ্ডতো ট্ৰায়েল চলি আছে। ৰে’ল পৰিচালনত সুৰক্ষা আৰু দক্ষতা বৃদ্ধি কৰাৰ বাবে, ভাৰতীয় ৰে’লৱেই ২০৩০ বৰ্ষৰ ভিতৰত ইয়াৰ নেটৱৰ্কৰ প্ৰায় সকলো মুখ্য ৰেল পথত কৱচৰ দ্ৰুত ৰোলআউটৰ পৰিকল্পনা কৰিছে।

 

বিগত সময়ছোৱাত, ভাৰতীয় ৰে’লৱেই ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। কৱচ ৪.০ কে আৰম্ভ কৰি, ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা আৰু অধিক সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপ হৈছে ৰে’লৱে নেটৱৰ্ক শক্তিশালী কৰাৰ লগতে দেশৰ ৰে’ল নেটৱৰ্কত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ দিশত এক বিস্তৃত পৰিকল্পনাৰে অংশ।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *