ভাৰতীয় ৰেলৱেৰ দ্বাৰা দিব্যাংগজন স্মাৰ্ট কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়াৰ ডিজিটেলকৰণ

  • Current
  • December 24, 2024
  • 0 Comments
Telegram

ভাৰতীয় ৰেলৱেৰ দ্বাৰা দিব্যাংগজন স্মাৰ্ট কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়াৰ ডিজিটেলকৰণ

 

মালিগাওঁ, ২৪, ডিচেম্বৰ, ২০২৪:

 

ভাৰতীয় ৰেলৱেই দিব্যাংগজন যাত্ৰী স্মাৰ্ট কাৰ্ড পঞ্জীয়নৰ বাবে আবেদনৰ ডিজিটেলকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুম্বাই, চেকেন্দ্ৰাবাদ আৰু চেন্নাই মণ্ডলত পাইলট প্ৰকল্প হিচাপে প্ৰৱৰ্তন কৰা এই পদক্ষেপক এতিয়া উত্তৰ পূব সীমান্ত ৰেলৱেকে ধৰি অন্যান্য সংমণ্ডল ৰে’লৱেলৈ সম্প্ৰসাৰিত কৰা হৈছে।

 

দৃষ্টিশক্তি নথকাৰ লগতে, দেখা পোৱা দূৰ্বলতা মানসিকভাৱে অক্ষম ব্যক্তি, শ্ৰৱণ শক্তি আৰু বাক শক্তিৰ দুৰ্বলতা থকা ব্যক্তি আৰু অস্থিৰ দূৰ্বলতা থকা অক্ষম যাত্ৰীসকলে ৰেহাইমূলক ৰেল টিকট প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ ফটো আইডি কাৰ্ড ডিজিটেলৰূপত জাৰী বা নৱীকৰণৰ বাবে আবেদন কৰিব পাৰিব। এই পৰ্টেলত আৱেদন কৰিবলৈ আৰু পঞ্জীয়ন আৰম্ভ কৰিবলৈ, দিব্যাংগজন যাত্ৰীসকলে https://divyangjanid.indianrail.gov.in/ অত অৱলোকন কৰিব পাৰিব য’ত এই প্ৰক্ৰিয়াটোত সহায় কৰিবলৈ এক বিতং ইউজাৰ মেনুৱেল উপলব্ধ আছে।

 

ইয়াৰ পূৰ্বে, দিব্যাংগজন যাত্ৰীসকলে ব্যক্তিগতভাৱে বা ডাকযোগে মাণ্ডলিক ৰে’ল কাৰ্যালয়ত আবেদন দাখিল কৰিব লগা হৈছিল। তাৰ পিছত, ৰেহাই কাৰ্ড জাৰী কৰাৰ পূৰ্বে সংশ্লিষ্ট প্ৰ-পত্ৰসমূহৰ প্ৰমাণীকৰণ মেনুৱেলী কৰা হৈছিল। দিব্যাংগজন যাত্ৰীসকলে দীঘলীয়া শাৰীত থিয় হৈ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো শাৰীৰিকভাৱে প্ৰত্যাহ্বানজনক আছিল।

 

অনলাইন পৰ্টেলটোৱে দিব্যাংগজন স্মাৰ্ট কাৰ্ড প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়াটো সৰল কৰে কিয়নো আবেদনকাৰীসকলে তেওঁলোকৰ আবেদনৰ স্থিতি অনুসৰণ কৰিব পাৰে আৰু ৰেল কাৰ্যালয়লৈ নোযোৱাকৈ তেওঁলোকৰ স্মাৰ্ট কাৰ্ড প্ৰাপ্ত কৰিব পাৰে। বিকলাঙ্গ ব্যক্তিসকলে এতিয়া ৰেল কাৰ্যালয়লৈ যোৱাৰ আৰু ব্যক্তিগতভাৱে আবেদন দাখিল কৰাৰ কোনো প্ৰয়োজন নাই। অনলাইন প্ৰক্ৰিয়াৰ সৈতে, তেওঁলোকে তেওঁলোকৰ আৱেদন অনুমোদিত হোৱাৰ পিছত ডিজিটেল আইডি কাৰ্ড ডাউনলোড কৰিব পাৰিব।

 

উত্তৰ পূব সীমান্ত ৰেলৱেই সকলো দিব্যাংগজন যাত্ৰীক এই অনলাইন সেৱাৰ সম্পূৰ্ণ সুবিধা ল’বলৈ অনুপ্ৰেৰিত কৰে, যি স্মাৰ্ট কাৰ্ড প্ৰাপ্ত কৰাৰ প্ৰক্ৰিয়াটো সৰল আৰু ত্বৰান্বিত কৰিব। সংৰক্ষিত ৰেহাই টিকট টিকট কাউণ্টাৰত বা আইআৰচিটিচি ৱেবছাইটৰ জৰিয়তে বুক কৰিব পাৰিব। অসংৰক্ষিত ৰেহাই টিকট টিকট কাউণ্টাৰত বা মোবাইল ফোনত ইউটিএছ এপ ব্যৱহাৰ কৰিও বুক কৰিব পাৰিব।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *