ভাৰতীয় ৰেলৱেৰ দ্বাৰা ইয়াৰ নেটৱৰ্কত কৱচ ৪.০ ৰে সজ্জিত কৰিবলৈ সাজু 

Telegram

ভাৰতীয় ৰেলৱেৰ দ্বাৰা ইয়াৰ নেটৱৰ্কত কৱচ ৪.০ ৰে সজ্জিত কৰিবলৈ সাজু 

 

মালিগাওঁ, ২৯ ডিচেম্বৰ, ২০২৪:

 

ভাৰতীয় ৰে’লৱেই ইয়াৰ গুৰুত্বপূৰ্ণ ৰেলপথসমূহত উন্নত কৱচ ৪.০ স্বয়ংক্ৰিয় ৰেল সুৰক্ষা প্ৰণালীৰে সজ্জ্বিত কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িছে। কৱচ ৪.০ হৈছে দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ অৰ্থে ৰে’লৰ সুগম পৰিচালন নিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰে’লৰ দ্বাৰা নিয়ন্ত্ৰণৰ এক অতিৰিক্ত স্তৰ প্ৰদান কৰাৰ অৰ্থে বিকশিত এক বৰ্ধিত বিস্তৃত, প্ৰযুক্তি-চালিত কৌশল। কৱচৰ নিম্ন ভাৰ্চন স্থাপন কৰা সমগ্ৰ লোকোমোটিভ উন্নীত কৱচ ৪.০ ৰ দ্বাৰা প্ৰতিস্থাপন কৰা হ’ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত মালদা টাউনৰ পৰা ডিব্ৰুগড় পৰ্যন্ত প্ৰায় ১৯৬৬ আৰকেএম দৈৰ্ঘ্যৰ ৰেলপথ কৱচ ৰূপায়ণৰ বাবে চিনাক্ত কৰা হৈছে

 

ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ইয়াৰ গুৰুত্বপূৰ্ণ পথসমূহত কৱচ ৪.০ ৰূপায়ণ কৰাটো ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু সুৰক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে এক বিস্তৃত পদক্ষেপ। কৱচ ৪.০ ৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰেল সংযোগ প্ৰণালীয়ে সুগম পৰিচালন নিশ্চিত কৰিব, মানৱীয় ত্ৰুটিৰ হ্ৰাস কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব। কৱচ ৪.০ প্ৰণালীটো কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত উপাদানেৰে নিৰ্মাণ কৰা হৈছে, যাৰ ভিতৰত আছে ষ্টেচন কৱচ, যি লোকো কৱচৰ পৰা তথ্য প্ৰাপ্ত কৰি লোকোমোটিভ আৰু আৰএফআইডি টেগসমূহত নিৰ্দেশনা দিবলৈ চিগনেলিং প্ৰণালী প্ৰাপ্ত কৰে আৰু ৰেলখনৰ অৱস্থান দিশ নিৰীক্ষণ কৰিবলৈ চিগনেল পইণ্ট, যিসমূহ নিয়মীয়া ব্যৱধানত ট্ৰেকৰ কাষত স্থাপন কৰা হয়।

 

বিগত সময়ছোৱাত, ভাৰতীয় ৰে’লৱেই ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি আহিছে। কৱচ ৪.০ আৰম্ভ কৰি, ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা আৰু অধিক সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপটো ৰে’লৱে নেটৱৰ্ক শক্তিশালীকৰণৰ লগতে আৰু দেশৰ ৰে’ল নেটৱৰ্কত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ এক বৃহত্তৰ পৰিকল্পনাৰ অংশস্বৰূপ।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *