
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তামুলপুৰৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ পশ্চিম দিশত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ উপস্থিতিত গছপুলি ৰোপন। ভুটানৰ পৰা বৈ অহা অসমা অৰংগা বান্ধৰ কাষে কাষে কেইবাটাও সংস্থাৰ সহযোগত জিলা প্ৰশাসনে ৰোপন কৰে গছপুলি সমূহ। আজি জিলা প্ৰশাসনৰ উদ্যোগত বগামাটিৰ কেইবাটাও প্ৰান্তত বন বিভাগ, গেৰেমছা, গ্ৰীণ গ্লোৱ, গয়বাৰী ছয়পত্ৰি ফাউণ্ডেচন, অসমা অৰংগা বান্ধ কমিটি, SSB আৰু ৰাইজৰ সহযোগত জিলা প্ৰশাসনে ৰোপন কৰা হয় বিভিন্ন ফল-মূল আৰু হাতীৰ উপযোগী গছপুলি সমুহ।সীমান্তত নতুন সেউজ বিপ্লৱৰ লক্ষ্যৰে কেইবা হাজাৰ পুলি ৰূপনৰ লক্ষ্যৰে এইদৰে বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটোত ৰোপন কৰিছে গছপুলি সমূহ।আগন্তুক কেইবাদিনো ধৰি চলিব এই গছপুলি ৰূপন। বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাস, সহ প্ৰতিটো সংস্থাৰ বিষয়া সকল উপস্থিত থাকেদিনজোৰা কাৰ্য্যসূচীত।