
বিপদত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া
জনজাতি স্বাৰ্থবিৰোধী মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এতিয়া গুৰুতৰ বিপদত পৰিছে। তেওঁৰ সাম্প্ৰতিক এক মন্তব্যক লৈ বিভিন্ন জনজাতি সংগঠনই তীব্ৰ প্ৰতিক্ৰিয়া জনাইছে। অভিযোগ উঠিছে যে শইকীয়াই জনজাতি সমাজৰ অধিকাৰ আৰু স্বাৰ্থৰ বিৰুদ্ধে কথা কৈছে, যি কোনো দিশে গ্রহণযোগ্য নহয়।
এই ঘটনাক লৈ বিশেষকৈ ট্ৰাইবেল সংঘ আৰু জনজাতি শিক্ষিত যুব সংগঠনে কড়া প্ৰতিবাদ জনাইছে। তেওঁলোকে শইকীয়াৰ মন্তব্যক “অপমানজনক” বুলি আখ্যা দিয়ে আৰু জনজাতি সমাজৰ মনোবল ভাঙি দিয়াৰ অভিযোগ তোলে। প্ৰতিবাদী সংগঠনসমূহে দিলীপ শইকীয়াৰ ফটোৰ প্ৰতিকৃতি জ্বলাই ক্ষোভ প্ৰকাশ কৰিছে।
সংগঠনসমূহৰ দাবী — বিজেপিৰ ৰাজ্যিক সভাপতিয়ে জনজাতি সমাজৰ পৰা প্রকাশ্যে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব, নহ’লে আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাব। জনজাতি নেতাসকলৰ মতে, এনে মন্তব্যে মাটিৰ মানুহৰ মাজত বিভাজনৰ বাতাৱৰণ সৃষ্টি কৰে আৰু সামাজিক সম্প্ৰীতি নষ্ট কৰে।
দিলীপ শইকীয়াই এই বিষয়ত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই, যদিও ঘটনাই ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে। বিভিন্ন মহলৰ মতে, এই ঘটনাই জনজাতি ভোটব্যাংকৰ ওপৰত বিজেপিৰ গণিতত প্ৰভাৱ পেলাব পাৰে।