বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Telegram

বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

 

 

বিটিচিৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ বাসগৃহত যোৱা নিশা উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। এই সুযোগতে অধ্যক্ষ গৰাকীয়ে বিটিচিৰ প্ৰধান দ্বায়িত্ব গ্ৰহণৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

দৈমাৰীয়ে স্পষ্টকৈ কয় যে— বিটিচিৰ শাসন-প্ৰশাসন মজবুত কৰাৰ লগতে অঞ্চলটোৰ স্থায়ী শান্তি আৰু উন্নয়নই হ’ব সৰ্বপ্ৰথম লক্ষ্য। তেওঁ উল্লেখ কৰা অনুসৰি বিটিচি নিৰ্বাচনত প্ৰাকক্ষণত চৰকাৰ গঠনৰ সময়ত বিভিন্ন নেতাৰ লগতে বিজেপি নেতৃত্বাধীন দলৰ পৰা তেওঁ নামটোও বিটিচিৰ প্ৰধানৰ বাবে চৰ্চা কৰিছে। এই ক্ষেত্ৰত দ’লে সিদ্ধান্ত গ্ৰহণ কৰিব কাক দায়িত্ব প্ৰদান কৰিব । বিজেপি দল জনতাৰ আস্থা বুজি আগবাঢ়িছে আৰু আগন্তুক দিনত এই আস্থা আৰু দৃঢ় কৰাৰ দায়িত্ব দলৰ নেতৃবৃন্দৰ।

 

লগতে অধ্যক্ষ গৰাকীৰ উপস্থিত থকাৰ সময়ছোৱাত স্থানীয় দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি দৈমাৰীয়ে কয় যে – বিটিচিৰ উন্নয়নমূলক কামৰ জৰিয়তে জনসাধাৰণক গঢ়ি তুলিবই লাগিব, কিয়নো দল আৰু প্ৰশাসনৰ শক্তি শেষত জনগণৰ সঠিক সমৰ্থনতেই নিৰ্ভৰ কৰে।

সভাখনত বিজেপিৰ সমৰ্থকসকলৰ উপস্থিতি লক্ষ্যণীয় আছিল আৰু দৰঙাজুলী সমষ্টিত বিজেপি শিবিৰত নতুন উদ্যম যোগাইছে।

  • Related Posts

    শুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ

    Telegram

    TelegramTweetশুক্লাইচেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ   বিটিআৰ নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থাকোঁতেই প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।   ২৯ নং…

    Election Strategy Meeting with UPPL Workers and Candidates

    Telegram

    TelegramTweetElection Strategy Meeting with UPPL Workers and Candidates   BTR ৰ ২৬ নং দৰঙাজুলী সমষ্টিত UPPL ৰ কর্মী আৰু প্ৰাৰ্থীৰে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান…

    Leave a Reply

    Your email address will not be published. Required fields are marked *