বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত অত্যাচাৰ বিৰুদ্ধে প্ৰতিবাদ।

Telegram

বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত অত্যাচাৰ

নাগ্ৰীজূলিত হিন্দু সমাজৰ ম: ইউনিছৰ প্ৰতিকৃতি দাহ

 

তামুলপুৰ ৫ ডিচেম্বৰ-

বাংলাদেশত সংখ্যালঘু সনাতনী হিন্দু সকলৰ ওপৰত হৈ থকা বৰ্বৰ আক্ৰমণ আৰু অমানৱীয় অত‌্যাচাৰৰ বিৰুদ্ধে আজি সন্ধিয়া তামুলপুৰ জিলাৰ নাগ্ৰীজূলিৰ কোম্পানী চ’কত বৃহত্তৰ নাগ্ৰীজূলি হিন্দু সমাজে বাংলাদেশৰ অন্তবৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ কৰক, সংখ্যা লঘু হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, বাংলাদেশৰ হিন্দুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, হিন্দুৰ ওপৰত ধৰ্মীয় হিংসা সহ্য কৰা নহব,বাংলাদেশ চৰকাৰ হায় হায়, বাংলাদেশ চৰকাৰ হুছিয়াৰ, মহম্মদ ইউনিচ হায় হায়, হিন্দু হিন্দু ভাই ভাই আদি শ্ল’গানৰে পৰিবেশ উত্তাল কৰি তোলে ৷

আজিৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ,বজৰং দল বাগসা জিলাৰ সংযোগ সবুজ বিশ্বাস,আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ ,ৰাষ্ট্ৰীয় বজৰং দল, তামুলপুৰ জিলাৰ নাগ্ৰিজুলী প্ৰখণ্ডৰ সভাপতি বিজয় হিন্দু, সম্পাদক ৰূপজিৎ নম শৰ্মা,সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি হৰেন দাস, জিলা সভাপতি দেৱব্ৰত সৰকাৰ, নাগ্ৰিজুলী অঞ্চলিকৰ সভাপতি মিথুন দাস সহ দুই শতাধিক হিন্দু লোক উপস্থিত থাকে।

  • Related Posts

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন

    Telegram

    TelegramTweetঅসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন ================================ , তামুলপুৰ ১৯ জুন ::   অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *