*বনভোজ দললৈ তামুলপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ।

  • Current
  • December 5, 2024
  • 0 Comments
Telegram

*বনভোজ দললৈ তামুলপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশ।

 

*তামুলপুৰ, ৫ ডিচেম্বৰ, ২০২৪* : তামুলপুৰ জিলাৰ বিশেষকৈ উত্তৰাঞ্চলত বনৰীয়া হাতীৰ জাক ঘূৰি ফুৰাৰ ফলত হস্তী-মানুহৰ সংঘাত পৰিলক্ষিত হৈছে। ফলত জীৱন আৰু সম্পত্তিৰ হানি হৈছে। উল্লেখ্য যে উক্ত অঞ্চলৰ বহু ঠাই বনভোজ দলৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে বনভোজ দলসমূহক কেতবোৰ চৰ্ত বান্ধি দিছে। সেই অনুসৰি বনভোজ দলসমূহে পুৱা ৯ বজাৰ আগত বনভোজস্থলীত উপস্থিত হ’ব নোৱাৰিব। তেওঁলোকে আবেলি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। বনভোজস্থলীত প্লাষ্টিক আৰু ছাউণ্ড ছীষ্টেম কঠোৰভাৱে নিষেধ কৰা হৈছে। নিয়ম উলংঘাকাৰী আইন মতে দণ্ডনীয় হ’ব। পৰৱৰ্তী জাননী নিদিয়ালৈকৈ এই নিৰ্দেশ বাহাল থাকিব।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *