বডোলেণ্ড বিশ্ববিদ্যালয় আৰু চি.আই.টি. কোকৰাঝাৰক অভিনন্দন — নৱীন আৱিষ্কাৰৰ পেটেণ্টৰ স্বীকৃতি

Telegram

বডোলেণ্ড বিশ্ববিদ্যালয় আৰু চি.আই.টি. কোকৰাঝাৰক অভিনন্দন — নৱীন আৱিষ্কাৰৰ পেটেণ্টৰ স্বীকৃতি

 

বডোলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰৰ Central Institute of Technology (CIT) ৰ গৌৰৱজনক সফলতা। “Manual Substrate Filler” নামৰ নৱীন ডিজাইনখন ভাৰত চৰকাৰৰ Patent Office-এ সফলতাৰে নিবন্ধিত কৰিছে।

 

এই আৱিষ্কাৰৰ নেতৃত্ব দিছিল ডঃ সন্দীপ দাস-এ, তেওঁৰ সহকৰ্মীৰ সৈতে। আৱিষ্কাৰখন গবেষণা খণ্ডক অগ্ৰগতিৰ দিশে আগবঢ়াই নিয়াৰ লগতে বাস্তৱ জীৱনত বহুমুখী প্ৰয়োগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিশেষজ্ঞমণ্ডলীয়ে মতামত প্ৰকাশ কৰিছে।

 

Manual Substrate Filler ৰ লক্ষ্য হৈছে অধিক কার্যকৰী, সুলভ আৰু ব্যৱহাৰযোগ্য ব্যৱস্থা প্ৰদান কৰা। ইয়াৰ ফলত কেৱল গৱেষণাৰ ক্ষেত্ৰত নহয়, বডোলেণ্ড বিশ্ববিদ্যালয় আৰু চি.আই.টি. কোকৰাঝাৰক ভাৰতীয় প্রযুক্তিগত উন্নয়নৰ মানচিত্ৰত এক বিশেষ স্থান প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

 

Patent Office ৰ স্বীকৃতি বডোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়ন (BTR)ত গবেষণা-ভিত্তিক আৱিষ্কাৰক উৎসাহিত কৰাৰ দিশে এক সাফল্যজনক পদক্ষেপ হিচাপে গণ্য হৈছে।

 

ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলেও এই গৌৰৱৰ ভাগ লৈ, আগন্তুক প্ৰজন্মক বৈজ্ঞানিক গৱেষণা আৰু আৱিষ্কাৰত আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা দিছে।

  • Related Posts

    ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত

    Telegram

    TelegramTweetভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে চি. পি. ৰাধাকৃষ্ণণ নিৰ্বাচিত   নতুন দিল্লী: দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ-ৰ সমৰ্থিত প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণণ বিজয়ী হোৱাৰ সুখবৰ আহিছে। দেশজুৰি অনুষ্ঠিত হোৱা ভোট…

    নেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা

    Telegram

    TelegramTweetনেপালত হিংসাত্মক প্ৰতিবাদৰ পাছত চৰকাৰে প্রত্যাহাৰ কৰিলে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা নেপালত হোৱা তীব্ৰ হিংসাত্মক প্ৰতিবাদত এতিয়ালৈকে কমেও ১৯ জন লোকৰ মৃত্যু আৰু ৩০০ৰো অধিক লোক আহত হোৱাৰ পিছত চৰকাৰে ছ’চিয়েল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *