প্ৰাগ নিউজৰ উদ্যোগত তামুলপুৰ প্ৰেছক্লাৱত “ জন্ম শতবৰ্ষত আমাৰ ভূপেন দা ” শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্নঃ

  • Current
  • September 8, 2025
  • 0 Comments
Telegram

প্ৰাগ নিউজৰ উদ্যোগত তামুলপুৰ প্ৰেছক্লাৱত “ জন্ম শতবৰ্ষত আমাৰ ভূপেন দা ” শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্পন্নঃ

 

 

তামুলপুৰ,৮ ছেপ্টেম্বৰঃ

 

 

অসমৰ জনপ্ৰিয় নিউজ চেনেল

প্ৰাগ নিউজৰ উদ্যোগত প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ সহযোগত জন্ম শতবৰ্ষত আমাৰ ভূপেন দা শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আজি তামুলপুৰ প্ৰেছক্লাৱত অনুষ্ঠিত হয়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ সম্পাদক ৰমেন দাসে আঁত ধৰা অনুষ্ঠানটোত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি সুৰেন ৰাভাই আৰু কে’ক কাটে জ্যেষ্ঠ নাগৰিক মঞ্চৰ

অন্যতম উপদেষ্টা সূৰ্য সিংহই ৷ দুয়োগৰাকী জ্যেষ্ঠ নাগৰিকে

ড৹ ভূপেন হাজৰিকাৰ সৃষ্টিশীলতা, অসমীয়া সমাজত প্ৰাসংগিকতা আৰু অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । উল্লেখ্য যে জনপ্ৰিয় নিউজ চেনেল প্ৰাগ নিউজে আজি ৰাজ্যৰ ১০০ টা স্থানত একে সময়তে ১০০ টা কেক কাটি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন পালন কৰে। আজিৰ এই অনুষ্ঠানতে আমন্ত্ৰিত অতিথি সকলক প্ৰাগ নিউজৰ স্থানীয় সাংবাদিক অজিত ৰাভাই একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জনায় । তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু তামুলপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চৰ বহুসংখ্যক সদস্য উপস্থিত থকা অনুষ্ঠানত তামুলপুৰ প্ৰেছক্লাৱৰ সাধাৰণ সম্পাদক প্ৰসাদ দাস,সহকাৰী সম্পাদক অভিজিত তালুকদাৰ,প্ৰদীপ দাস, নিতুল দাসকে ধৰি আন কেবাজনো সদস্যই সহযোগ কৰি অনুষ্ঠানটো সফল কৰি তোলে ৷

  • Related Posts

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    • Current
    • September 8, 2025
    • 16 views
    • 1 minute Read
    তামুলপুৰৰ বিপিএফ নেতাৰ বিৰুদ্ধে অপপ্ৰচাৰ  বিপিএফৰ উত্থানত শংকিত হৈ অপপ্ৰচাৰ অভিযোগ –

    Telegram

    TelegramTweetতামুলপুৰৰ বিপিএফ নেতাৰ বিৰুদ্ধে অপপ্ৰচাৰ  বিপিএফৰ উত্থানত শংকিত হৈ অপপ্ৰচাৰ অভিযোগ –   তামুলপুৰ,৮ ছেপ্তেম্বৰ- সমাগত বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী তৎপৰতা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *