পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৬২ সংখ্যক প্ৰতিস্থা দিৱস উদযাপন

  • Current
  • December 15, 2024
  • 0 Comments
Telegram

পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৬২ সংখ্যক প্ৰতিস্থা দিৱস উদযাপন

তামুলপুৰ,১৫ ডিচেম্বৰ-

 

পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰত কালি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে এক বৃহৎ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে তামুলপুৰৰ জিলা আয়ুক্ত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে বাৰেৰহণীয়া নৃত্য গীতৰ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে।

কেন্দ্ৰীয় বিদ্যালয়,তামুলপুৰৰ অধ্যক্ষ ৰাজু কুমাৰ দাসে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ বিষয়ে বিস্তৃত তথ্য উপস্থাপন কৰাৰ লগতে বিদ্যালয়ৰ এক প্ৰতিবেদনো দাখিল কৰে। প্ৰতিস্থা দিৱসত তামুলপুৰ জিলা আয়ুক্ত তথা বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীয়ে ছাত্ৰ-ছাত্ৰী সকল উদ্দেশ্যী উদগণি মুলক বক্তৃতা লগতে বিভিন্ন পৰামৰ্শ দিয়ে।

কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰৰ সহকাৰী শিক্ষক অৰুণ যাদৱে আঁত ধৰা প্ৰতিষ্ঠা দিৱসত বিদ্যালয় খনৰ সহকাৰী শিক্ষক সুধীৰ ৰঞ্জন, ওম প্ৰকাশ যাদৱ, আৰ, কে বড়ো সুধীৰ ৰঞ্জন বাসুমতাৰী, আন আন শিক্ষক শিক্ষয়ত্ৰী সকলকৰ লগতে ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷

  • Related Posts

    • Current
    • September 17, 2025
    • 11 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 16 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *