নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কুম্ভীজাৰত বিজেপিৰ নিৰ্বাচনী সভাঃ

  • Current
  • September 10, 2025
  • 0 Comments
Telegram

নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ কুম্ভীজাৰত বিজেপিৰ নিৰ্বাচনী সভাঃ

সকলো মানুহে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব আৰু ইয়াৰ বাবে বিটিআৰত লাগে বিজেপি চৰকাৰ— জয়ন্ত মল্ল বৰুৱা ৷

 

তামুলপুৰ ,১০ ছেপ্টেম্বৰঃ

 

বিটিচি নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে সিমানে বিটিচিৰ পৰিষদীয় সমষ্টিবোৰত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ কাৰ্য পূৰ্ণ গতিত চলিব ধৰিছে ৷ ভাৰতীয় জনতা পাৰ্টীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৷ আজি ২৭ নম্বৰ নাগ্ৰীজুলি সমষ্টিৰ কুম্ভীজাৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় — সকলো মানুহে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব আৰু ইয়াৰ বাবে বিটিআৰত লাগে বিজেপি চৰকাৰ ৷ বিজেপি নেতা ৰাম বাস্তোলাই সঞ্চালনা কৰা সভাখনত তেওঁ পুণৰ কয় – এই অঞ্চলৰ উন্নয়ন কৰিবলৈ এতিয়াও বহু কাম বাকী আছে ৷ বিটিআৰত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন হ’ব লাগিব ৷ বিজেপিৰ বাদে বিটিআৰত কোনেও সম অধিকাৰ সম উন্নয়ন দিব নোৱাৰে ৷ সকলো জাতি জনগোষ্ঠীক যাতে সুৰক্ষিত কৰি সমানে আগবঢ়াই লৈ যাব পাৰো তাৰ বাবে বিটিআৰত আমাক লাগে বিজেপি চৰকাৰ ৷ এই অঞ্চলত আমি দেখিছোঁ বাকী জনগোষ্ঠীকো সমান অধিকাৰ লাগিব ৷ বড়ো ভাইসকলে এই অঞ্চলত উন্নয়নৰ ধ্বজা লব লাগিব কিন্তু তাৰ লগে লগে এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে ভাবিব পাৰিব লাগিব আৰু সকলোকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে অধিকাৰ দিবলৈ আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰক যাতে আমি সেই লক্ষ্যত উপনীত হ’ব পাৰোঁ ৷ প্ৰায় সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত তেওঁ বিজেপি চৰকাৰৰ বহু কল্যাণমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে উদাত্ত ভাষণৰ অন্তত নাগ্ৰীজুলি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত ভজন দাস ( লক্ষী দাস ) ক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰাবলৈ ভোটাৰ ৰাইজলৈ আহ্বান জনায় ৷ অসম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি শংকৰ দাস, বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, এমচিএলএ হেমন্ত কুমাৰ ৰাভাকে ধৰি বহু সংখ্যক কাৰ্যকৰ্তা উপস্থিত থকা সভাখনত বিজেপিৰ মনোনীত প্ৰাৰ্থী ভজন দাসে চমু অথচ সাৰুৱা ভাষণ প্ৰদান কৰে ৷ সভাত প্ৰণৱ উপ্ৰেতীয়ে কেইবাটাও ভিন্ন ভাষাৰ গীত পৰিৱেশন কৰি সভাখনলৈ অনন্য মাত্ৰা প্ৰদান কৰে ৷ আনকি তেওঁৰ গীতৰ তালে তালে স্বয়ং মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নাচি বাগি নাচনী সকলক সহযোগ কৰে ৷ এই সভাতেই বহু সংখ্যক লোকে বিজেপি দলৰ নীতি আদৰ্শত আকৃষ্ট হৈ বিজিপিত যোগদান কৰে৷

আজিৰ সভাৰ অন্তত কেবিনেট মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়–

বিটিআৰত এতিয়া চাৰিওপিনে পদুম ফুল ফুলিছে। আমি বিটিআৰ নিৰ্বাচনত ৩০ খনত প্ৰতিদ্বন্দ্বিতা কৰিম। জয়ৰ সম্ভাৱনা থকা সমষ্টিতহে বিজেপিয়ে নিৰ্বাচন খেলে বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী বৰুৱাই ৷ গৌৰৱ গগৈ সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়-গৌৰৱ গগৈৰ যুঁজ হ’ব ৰাজীৱ ভৱনত। ৰাজীৱ ভৱনত নিজৰ মাজতে ঘূচিয়া ঘুছি চলি আছে। বেলেগত যুঁজ নহয়। পাকিস্তানী সমৰ্থক আৰু বাংলাদেশৰ সমৰ্থকে কংগ্ৰেছত যোগদান কৰি ভোট প্ৰদান কৰে বুলিও তেওঁ তীৰ্যক মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত ৷##

  • Related Posts

    • Current
    • September 10, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে উপস্থিত

    Telegram

    TelegramTweetতামুলপুৰত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে উপস্থিত   তামুলপুৰ জিলাত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ…

    • Current
    • September 9, 2025
    • 6 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *