নাগ্ৰীজুলি আৰক্ষীৰ তৎপৰতাত নিৰুদ্দিষ্ট মহিলা আৰু চাৰি মহীয়া শিশু উদ্ধাৰ। এজনক গ্ৰেপ্তাৰ। 

  • Current
  • August 30, 2025
  • 0 Comments
Telegram

নাগ্ৰীজুলি আৰক্ষীৰ তৎপৰতাত নিৰুদ্দিষ্ট মহিলা আৰু চাৰি মহীয়া শিশু উদ্ধাৰ। এজনক গ্ৰেপ্তাৰ। 

 

৩০ আগষ্ট-

 

তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত গয়বাৰীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলাক নাগ্ৰীজুলি আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে মহিলা গৰাকীক পলুৱাই নিয়া এজন লোকক আৰক্ষীয়ে গ্ৰেপাৰ কৰিবলৈ সক্ষম হয়। নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুছেন দাসে জনোৱা মতে গয়বাৰী গাঁওৰ পৱন বৰ্মনে তেওঁৰ পত্নী মালতী বৰ্মন নামৰ মহিলা গৰাকীয়ে তেওঁৰ চাৰি মহীয়া শিশুটোক লগত লৈ যোৱা ৮ আগষ্টত নিৰুদ্দেশ হোৱা বুলি নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। আৰু সেই মৰ্মে তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। পিছত পৱনে সামাজিক মাধ্যমৰ পৰা গম পায় যে তেওঁৰ পত্নী মালতী গোৰেশ্বৰ থানাৰ অন্তৰ্গত ৰামচাঝাৰ গাঁওৰ আচান আলিৰ পুত্ৰ ৰফিক আলিয়ে (২৭) পলুৱাই তামিনাডুলৈ লৈ গৈছে আৰু তাত বসবাস কৰি আছে। এই খবৰ লাভ কৰি নাগ্ৰীজুলি আৰক্ষীয়ে লাভ কৰি নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দলে তামিলনাডুলৈ গৈ মালতী বৰ্মন আৰু তেওঁৰ চাৰিমাহীয়া শিশু সন্তানটোক উদ্ধাৰ কৰাৰ লগতে ৰফিক আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পিছত নাগ্ৰীজুলি আৰক্ষীয়ে মালতী বৰ্মনক শিশু সন্তান সহ গিৰিয়েকৰ হাতত চামজাই দিয়ে আৰু গ্ৰেপ্তাৰ কৰা ৰফিকক আজি আদালতত হাজিৰ কৰোৱাই জেল হাজতলৈ প্ৰেৰণ কৰে।।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 13 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *