
নাগ্ৰীজুলিৰ বিশিষ্ট সামজকৰ্মী, তামুলপুৰ জিলা বিপিএফৰ উপ সভাপতি অজিত বসুমতাৰীৰ পৰালোকপ্ৰাপ্তি।
নাগ্ৰীজুলিত শোকৰ ছাঁ।
চেপ্টেম্বৰ ৭-
তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ ভাওৰাগুৰী গাঁও নিবাসী, নাগ্ৰীজুলি অঞ্চলৰ বিশিষ্ট সামজকৰ্মী, তামুলপুৰ জিলা বিপিএফৰ উপ সভাপতি অজিত বসুমতাৰীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬০ বছৰ। জানিব পৰা মতে আজি পুৱা প্ৰায় ৪-৩০ বজাত অজিত বসুমতাৰী শ্বাস প্ৰশ্বাস জনিত কাৰণত অসুস্থ হৈ পৰে। লগে লগে পৰিয়ালৰ লোকে তেওঁক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় । নাগ্ৰীজুলিত চিকিৎসকে তেখেতক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ বাবে পৰিয়ালৰ লোকক পৰামৰ্শ দিয়ে। লগে লগে তেওঁক নাগ্ৰীজুলিৰ পৰা এম্বুলেন্সৰ সহায়েৰে গুৱাহাটীলৈ নি থাকোতে ৰঙিয়া পোৱাৰ আগমুহূৰ্তত অজিত বসুমতাৰীযে শেষ নিশ্বাস ত্যাগ কৰে। পিছত অজিত বসুমতাৰীৰ মৃতদেহ নাগ্ৰীজুলিৰ ভাওৰাগুৰীৰ বাসগৃহলৈ লৈ অনা হয়। অজিত বসুমতাৰীৰ অকাল মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অসংখ্য আত্মীয় স্বজন, গুণমুগ্ধই আহি অজিত বসুমতাৰীৰ বাসগৃহত উপস্থিত হয়। তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা দৰঙাজুলি সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মোছাহাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাস, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ডাঃ উত্তম দাস, তামুলপুৰ জিলা বিপিএফৰ নেতা কৰ্মী, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভজন দাসৰ উপৰিও অঞ্চলটোৰ বিভিন্ন ব্যক্তি দল সংগঠনৰ লোকে তেওঁৰ বাসগৃহত উপস্থিত হৈ মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ আগলৈকে অজিত বসুমতাৰীযে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান , বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। সদা হাস্যময়ী, পৰোপকাৰী, অতি নম্ৰ স্বভাৱৰ অধিকাৰী অজিত বসুমতাৰীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰা বিভিন্ন ব্যক্তি তথা দল সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। তেখেতৰ মৃত্যু নাগ্ৰীজুলি অঞ্চলৰ বাবে এক বৃহৎ ক্ষতি বুলিও মন্তব্য কৰে বিভিন্ন দল সংগঠন আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান সমূহে। তেখেতৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই আজি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ দোকান পোহাৰ, ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান সমূহ বন্ধ ৰখা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যা সন্তান আৰু অসংখ্য গুণমুগ্ধ ইহঃ সংসাৰত এৰি থৈ যায়।