নদীত গা ধুবলৈ আহি ছাত্ৰ নিৰুদ্দেশ।
১৯ মাৰ্চ-
তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত গুৱাবাৰীৰ সমীপত বৰনদীত গা ধুবলৈ আহি গা এগৰাকী ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত নালাপাৰা গাঁওৰ গীৰেন দাসৰ পুত্ৰ গোবিন্দ দাস (১৬), তামুলপুৰ জিলাৰ ৰাজাগড় গাঁওৰব বলৰাম দাসৰ পুত্ৰ ৰাজকুমাৰ দাসে (১৪) দুয়োৰে বন্ধু তামুলপুৰ জিলাৰ অম্বৰীষনগৰ গাঁওৰ ফুলন দাসৰ পুত্ৰ ভাস্কৰ দাস (১৭) ৰ ঘৰলৈ কালি ফুৰিবলৈ আহিছিল। আজি আবেলি তিনিও বন্ধু গুৱাবাৰী এলেকাৰ গ্ৰাছলেণ্ড নামৰ ঠাইত লাগি থকা বৰনদীত গা ধুবলৈ গৈছিল। গা ধুই থকা সময়ত গোবিন্দ দাস নামৰ।১৬ বছৰীয়া কিশোৰ গৰাকীক বৰনদীৰ পানীয়ে উটুৱাই লৈ যোৱাত যুৱক জন এতিয়াও নিৰুদ্দেশ হৈ আছে। খবৰ পাই নাগ্ৰীজুলি আৰক্ষী চকীৰ পৰা আৰক্ষীৰ দল ঘটানস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে খবৰ।দিয়াত এছডিআৰএফৰ দল ও ঘটানস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও নিৰুদ্দিষ্ট লৰাজনক উদ্ধাৰ কৰিব নোৱাৰিলে। আন্ধাৰ হোৱাৰ বাবে অৱশ্যে আজি অভিযান স্থগিত কৰিব লগা হোৱা বুলি নাগ্ৰীজুলি আৰক্ষীয়ে জানিব দিছে। জানিব পৰা মতে নিৰুদ্দিষ্ট গোবিন্দ দাসে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।