
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূর্ণ সাক্ষাৎ।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে জল জীৱন মিছন আঁচনিৰ অগ্ৰগতি আৰু ৰূপায়ণক অধিক সুশৃংখল কৰাৰ দিশত আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই সাক্ষাতত জল জীৱন মিছনৰ দ্বাৰা গ্ৰাম্য পৰিসৰৰ লোকসকলৰ জীৱন মান উন্নত কৰাৰ লক্ষ্যত চলি থকা কামবোৰৰ অগ্ৰগতিৰ পৰ্যালোচনাও হয়।
ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লী যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে বিস্তারিত আলোচনা হয়। ৰাজ্যত চলি থকা বিভিন্ন উদ্যোগ, বিশেষকৈ শিক্ষা, স্বাস্থ্য, আৰু পৰিকাঠামোগত উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ সহযোগিতা আৰু পথপ্ৰদৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই সাক্ষাতসমূহ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে অত্যন্ত ফলপ্ৰসূ হোৱাৰ আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।