ধলাইত দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই লক্ষ্য কৰিলে মন্তব্য বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

Telegram

 

 

ব্যবসায় তোৰ বাপেকৰ নেকি যে ভোট নিদিলে বন্ধ কৰি দিব ৷ এনেকুৱা ধমকি নিদিব । তোমাৰ এনে ধমিকক কোনেও পাত্তা নিদিয়ে । মনত ৰাখিবা ২০২৬ ত আমাৰ চৰকাৰ আহিছে । ধলাইত দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক লক্ষ্য কৰি এনে মন্তব্য বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।

 

ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে ধলাইৰ উপনিৰ্বাচন। নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে সকলো সীমা লঙ্ঘন কৰিছে শাসক বিৰোধীৰ নেতা সকলে। যোৱা পৰহি ধলাইৰ ভাগা বজাৰত দলীয় প্ৰাৰ্থী নিহাৰৰঞ্জন দাসৰ প্ৰচাৰ চলাবলৈ আহি প্ৰকাশ্য সভাত সংখ্যালঘুক উদ্দেশ্যি কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এক ভাবুকিসূচক মন্তব্য কৰি কৈছিল যে, বিজেপি ভোট নিদিলে ব্যবসায় বন্ধ কৰি দিম। মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পাছত ধলাইৰ নিৰ্বাচনী বহাত অধিক উত্তপ্ত হৈ উঠিছে। জয়ন্তমল্লৰ এই মন্তব্যক অস্ত্ৰ হিচাপে এতিয়া ব্যবহাৰ কৰিছে কংগ্ৰেছী নেতা কৰ্মীয়ে। যোৱা নিশা ধলাইৰ ভাগা বজাৰৰ একেই ঠাইত আয়োজিত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি বিধায়ক ৰেকিবুদ্দিন আহমেদে মন্ত্ৰী জয়ন্ত মল্লে কৰা এই মন্তব্যৰ প্ৰতুত্তৰ দি কয় যে, গণতান্ত্ৰিক বাবে ৰাজনীতি কৰক আমাৰ কোনো আপত্তি নাই ৷ ভোট নিদিলে ব্যবসায় বন্ধ কৰি দিম । ব্যবসায় তোৰ বাপেকৰ নেকি যে ভোট নিদিলে বন্ধ কৰি দিবি। এনেকুৱা ধমকি নিদিব ৷ তোমাৰ এনে ধমকি হুমকিক ৰাইজে পাত্তা নিদিয়ে। লগতে তেওঁ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক উদ্দেশ্যি কয় যে মোৰ জাতী ভাইক দম নিদিব মনত ৰাখিব ২০২৬ চনত আমাৰ চৰকাৰ আহি আছে, সকলোৰে হিচাপ হব বুলি প্ৰকাশ্য সভাত এনে মন্তব্য কৰে ৰেকিবুদ্দিন আহমেদে।

  • Related Posts

    উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️

    Telegram

    TelegramTweet🛑 উচ্ছেদৰ বিৰুদ্ধে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জ্বালাময়ী মন্তব্য! 🗣️   এইবাৰ খিলঞ্জীয়াৰ মাটিৰ ৰক্ষাৰ বাবে কঠোৰ হুঁশিয়াৰী দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। চৰাইদেউত সাংবাদিকৰ কেমেৰাৰ সন্মুখত…

    গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক” — দিলীপ শইকীয়াৰ কটাক্ষে ৰাজনীতি গৰম

    Telegram

    TelegramTweet🕌 “গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক” — দিলীপ শইকীয়াৰ কটাক্ষে ৰাজনীতি গৰম   অসম ৰাজনীতিত পুনৰ উত্তাপ। আজি বাজপেয়ী ভৱনত অনুষ্ঠিত মহানগৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত, ৰাজ্যিক বিজেপি সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *