দৰংগামেলাত -হিন্দু জাগৰণ অসম, দৰঙা ব্লক সমিতিৰ ধৰ্মীয় শোভাযাত্ৰা ৷

  • Current
  • January 22, 2025
  • 0 Comments
Telegram

দৰংগামেলাত -হিন্দু জাগৰণ অসম, দৰঙা ব্লক সমিতিৰ ধৰ্মীয় শোভাযাত্ৰা ৷

শ্ৰীৰাম ধ্বনিৰে মুখৰিত তামুলপুৰৰ ভূটান সীমান্তৰ দৰঙামেলা।

 

তামুলপুৰঃ ২২জানুৱাৰীঃ

তামুলপুৰ জিলাৰ দৰঙামেলাত আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে উলিওৱা হয় এক বিশাল ধৰ্মীয় শোভাযাত্ৰা। হিন্দু জাগৰণ অসম, দৰঙা ব্লক সমিতিৰ উদ্যোগত আজি পুৱা ন বজাত সমগ্ৰ ভাৰত – ভটান সীমান্তৱৰ্তী প্ৰায় তিনি সহস্ৰাধিক ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰা ধৰ্মীয় শোভাযাত্ৰাটো নন্দেশ্বৰ শিৱ মন্দিৰৰ পৰা আৰম্ভ কৰা হয় ৷ সমদলকাৰী সকলে জয়শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰি তোলে এন কে দৰংগা আৰু দৰংগামেলাৰ আকাশ বতাহ ।

 

বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা টোৰ সমদলকাৰী সকলে পাচঁকিলমিটাৰৰো অধিক পথ পৰিভ্ৰমণ কৰি শশীপুৰ হৈ দৰংগামেলাস্থিত হনুমান মন্দিৰৰ চোতালত আহি ৰামভক্ত ধৰ্মপ্ৰাণ লোক সকলে বিভিন্ন ধৰ্মীয় শ্লোগান আৰু হৰিনাম পৰিবেশন কৰি এক উছৱমুখৰ পৰিবেশৰ মাজত শোভাযাত্ৰাৰ সফল সামৰনি পেলায়। ইপিনে দুপৰীয়াৰ ভাগত হিন্দু জাগৰন অসমৰ দৰংগামেলা সমিতিয়ে এক বাইক ৰেলী ও উলিয়ায় ৷

 

 

শোভাযাত্ৰা আৰু বাইক ৰেলীত হিন্দু জাগৰন অসমৰ দৰংগা ব্সলক সমিতিৰ ভাপতি- গোপাল ঘিমিৰে,সম্পাদক- নবজিত কুমাৰ কলিত, উপদেষ্টা সুৰেশ ৰয়, আৰু প্ৰচেনজিৎ ৰয় সহিতে দৰংগামেলা বজাৰ সমিতি হনুমান মন্দিৰ পৰিচালনা সমিতিৰ সদস্যবৰ্গই সহায় সহযোগ আগবঢ়ায়। আনহাতে ৰামলালৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি তামুলপুৰৰ কাউলীতো নাগ্ৰিজুলী মণ্ডল বিজেপিৰ উদ্যোগত ৫১ গচি বন্তি প্ৰজ্বলন কৰা হয়।

 

মণ্ডলৰ সভাপতি শংকৰ দাস,জিলাৰ সম্পাদক ভজন দাস, টি চি এল চি চি ৰ অধ্যক্ষ ৰাম বস্তুলা,স্থানীয় ভিচিডিচিৰ অধ্যক্ষ দীপাংকৰ ভট্টাচাৰ্য সহ দলীয় কর্মী সকলে অংশগ্ৰহণ কৰে উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীত। একেদৰে নাগ্ৰিজুলিৰ কুম্ভীজাৰতো আজি জিলা বিজেপিৰ কোষাধ্যক্ষ বিশ্বজিত বসাকৰ লগতে একাংশ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *