
দৰংগামেলাত -হিন্দু জাগৰণ অসম, দৰঙা ব্লক সমিতিৰ ধৰ্মীয় শোভাযাত্ৰা ৷
শ্ৰীৰাম ধ্বনিৰে মুখৰিত তামুলপুৰৰ ভূটান সীমান্তৰ দৰঙামেলা।
তামুলপুৰঃ ২২জানুৱাৰীঃ
বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা টোৰ সমদলকাৰী সকলে পাচঁকিলমিটাৰৰো অধিক পথ পৰিভ্ৰমণ কৰি শশীপুৰ হৈ দৰংগামেলাস্থিত হনুমান মন্দিৰৰ চোতালত আহি ৰামভক্ত ধৰ্মপ্ৰাণ লোক সকলে বিভিন্ন ধৰ্মীয় শ্লোগান আৰু হৰিনাম পৰিবেশন কৰি এক উছৱমুখৰ পৰিবেশৰ মাজত শোভাযাত্ৰাৰ সফল সামৰনি পেলায়। ইপিনে দুপৰীয়াৰ ভাগত হিন্দু জাগৰন অসমৰ দৰংগামেলা সমিতিয়ে এক বাইক ৰেলী ও উলিয়ায় ৷
মণ্ডলৰ সভাপতি শংকৰ দাস,জিলাৰ সম্পাদক ভজন দাস, টি চি এল চি চি ৰ অধ্যক্ষ ৰাম বস্তুলা,স্থানীয় ভিচিডিচিৰ অধ্যক্ষ দীপাংকৰ ভট্টাচাৰ্য সহ দলীয় কর্মী সকলে অংশগ্ৰহণ কৰে উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীত। একেদৰে নাগ্ৰিজুলিৰ কুম্ভীজাৰতো আজি জিলা বিজেপিৰ কোষাধ্যক্ষ বিশ্বজিত বসাকৰ লগতে একাংশ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী।