তৰ্থযাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা মহা কুম্ভ বিশেষ ৰেল

Telegram

তৰ্থযাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে

উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা মহা কুম্ভ বিশেষ ৰেল

 

মালিগাওঁ, ২০ ডিচেম্বৰ, ২০২৪:

 

২০২৫ বৰ্ষৰ মহা কুম্ভ মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলৰ প্ৰত্যাশিত অধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ, উত্তৰ পূব সীমান্ত ৰেলৱেই কামাখ্যাৰ লগতে নাহৰলগুন ষ্টেচনৰ পৰা দুযোৰ বিশেষ ৰে’ল টুণ্ডলা ষ্টেচনলৈ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰেলসমূহে উভয় দিশত চাৰিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। এই শীতকালৰ সময়ত এই ৰেলখনে অনাগত বছৰৰ মহা কুম্ভত যাবলৈ ইচ্ছুক ভক্ত আৰু দৰ্শনাৰ্থীসকলক আৰামেৰে ভ্ৰমণ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব।

 

বিশেষ ৰেল নং ০৫৬১১ (কামাখ্যা – টুণ্ডলা) ৯ আৰু ২৫ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ৮ আৰু ২২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ০৫:৩০ বজাত কামাখ্যাৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৯:২০ বজাত টুণ্ডলাত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, ৰেল ০৫৬১২ (টুণ্ডলা – কামাখ্যা) ১১ আৰু ২৭ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ১০ আৰু ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ০৩:০০ বজাত টুণ্ডলাৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৭:৪৫ বজাত কামাখ্যাত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰেলখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, পাটনা, প্ৰয়াগৰাজ আদি ৰেল ষ্টেচন হৈ চলাচল কৰিব।

 

একেদৰে, বিশেষ ৰেল নং ০৫৮১১ (নাহৰলগুন – টুণ্ডলা) ৯ আৰু ২৫ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ৮ আৰু ২২ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে নাহৰলগুনৰ পৰা ১৪:৩০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৬:৩০ বজাত টুণ্ডলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং. ০৫৮১২ (টুণ্ডলা – নাহৰলগুন) ১১ আৰু ২৭ জানুৱাৰী, ২০২৫ তাৰিখে আৰু ১০ আৰু ২৪ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ১১:২০ বজাত টুণ্ডলাৰ পৰা প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা ০৫:৫০ বজাত কামাখ্যাত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙাপাৰা নৰ্থ, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কাটিহাৰ, বাৰাউনি, দানাপুৰ, প্ৰয়াগৰাজ আদি ৰে’ল ষ্টেচন হৈ চলাচল কৰিব।

 

বিশেষ ৰে’লসমূহত যাত্ৰীসকলৰ সুবিধাৰ বাবে ক্ৰমান্বয়ে ২২ আৰু ২১ টা ডবা থাকিব, যাৰ ভিতৰত আছে এচি শ্ৰেণী, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ বহা আসনৰ ডবা থাকিব।

 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ এই পদক্ষেপে মহা কুম্ভ মেলা ভ্ৰমণৰ পৰিকল্পনা কৰা যাত্ৰীসকলক সকাহ প্ৰদান কৰিব। বিশেষ ৰেলসমূহে বিভিন্ন স্থানৰ পৰা তীৰ্থযাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ গন্তব্যস্থানলৈ উভতনি যাত্ৰাতো সহায় কৰিব।

  • Related Posts

    Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations

    Telegram

    TelegramTweetIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations   Maligaon, 16th September, 2025:   The Ministry of Railways has announced a new measure to ensure that the benefits of…

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *