তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত অৰাজকতা

  • Crime
  • June 23, 2025
  • 0 Comments
Telegram

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত অৰাজকতা

 

প্ৰকল্প বিষয়াই ধনৰ বিণিময়ত অংগনাবাদী কৰ্মী, সহায়িকা পদত নিযুক্তি দিয়াৰ অভিযোগ।

 

তামুলপুৰ ২৩ জুন।

 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ আৰু নিকা নিযুক্তিক বুঢ়া আঙুলি দেখুৱাই তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ইৰাণী ঠাকুৰীয়াই অবাধ

ধনৰ লেনদেনেৰে অংগনাবাদী কৰ্মী আৰু সহায়িকাৰ পদত প্ৰাৰ্থী নিযুক্তি দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপান হৈছে। বিষয়া গৰাকীয়ে ধনৰ লেনদেন কৰা এটি অডিও ৰেকৰ্ডিং ভাইৰেল হৈ পৰাত তথা অংগনাবাদী কৰ্মী, সহায়িকা পদত হোৱা অবৈধ নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাত আজি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাসৰ নেতৃত্বত তামুলপুৰ আছুৰ এটি দলে সমগ্ৰ ঘটনা সন্দৰ্ভত ঘটনাৰ বিষয়ে জানিব বিচৰাত তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীয়ে সমগ্ৰ বিষয়টো গাপ দিব বিচৰাৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মীৰ সৈতে তৰ্ক বিতৰ্ক কৰি আছু নেতা কৰ্মীক দুৰ্ব্যৱহাৰ কৰাত তামুলপুৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যলায়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত সাংবাদিকৰ দল ঘটনাস্থলীত উপস্থিত

হোৱাত কাৰ্যালয় এৰি পলায়ন কৰে শিশু উন্নয়ন প্ৰকল্প বিষয়া ইৰাণী ঠাকুৰীয়া। জানিব পৰা মতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি তামুলপুৰ সংহত শিশু বিষয়াৰ অধিনৰ সদ্য নিযুক্তি প্ৰাপ্ত তামুলপুৰ জিলাৰ ৩৮৭ নম্বৰ ঘিলাঝাৰ অংগনাবাদী কেন্দ্ৰত অগনাবাদী কৰ্মী পদত নিযুক্তিৰ নামত কাৰ্যালয় সহায়ক দেবেন দাস আৰু বলোৰাম দাসৰ যোগেদি শিশু উন্নয়ন প্ৰকল্প বিষয়া ইৰাণী ঠাকুৰীয়াই ধন সংগ্ৰহ কৰি সাধৰণ শ্ৰেণীৰ বাবে সংৰক্ষণ পদত অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীক নিযুক্তিৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা এটা ধন লোৱাৰ ভাইৰেল অডিঅ’ত নিযুক্তিৰ নামত যে দুৰ্নীতি হৈছে সেইয়া পোহৰলৈ আহে। ধনৰ লেনদনেৰে অবৈধ ভাৱে অংগনাৱাদী কৰ্মী পদত নিযুক্তি দিয়া ঘটনাৰ তদন্ত কৰি ঘোচখোৰ বিষয়া গৰাকীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তামুলপুৰ আছুৰ লগতে সচেতন মহলে। আনহাতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াত তামুলপুৰ জিলাৰ এগৰাকী অতিৰিক্ত আয়ুক্তৰ তত্বাবধানত এখন নিৰ্বাচনী সমিতি থকাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা নিকা আৰু স্বচ্ছ নিযুক্তি ব্যৱস্থাক সম্পূৰ্ণ ভেঙুচালী কৰি প্ৰকল্প বিষয়া গৰাকীয়ে নিজ মই মতালীত অবাধ ধনৰ লেনদেনেৰ অবৈধ ভাৱে অংগনাবাদী কৰ্মী, সহায়িকা পদত নিযুক্তি দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে তামুলপুৰ সচেতন মহলে ৷ তথ্য মতে শেহতীয়াকৈ তামুলপুৰ সংহত শিশু প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনত হোৱা অংগনাবাড়ী কৰ্মী, সহায়ীকা পদত হোৱা অনিয়মৰ অভিযোগ তুলি কেইবাজনো বঞ্চিত প্ৰাৰ্থীয়ে তথ্য বিচাৰি আবেদন কৰিছে ৷ উল্লেখ্য যে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিভিন্ন সভা সমিতিত বিটিআৰটো স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰা হৈছে বুলি ঘোষণা কৰাৰ সময়তে

নিজ গৃহ জিলাত ধনৰ লেনদেনেৰে অংগনাবাদী কৰ্মী আৰু সহায়িকাৰ পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হোৱাত সমগ্ৰ তামুলপুৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

  • Related Posts

    • Crime
    • August 10, 2025
    • 5 views
    • 1 minute Read
    EGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender

    Telegram

    TelegramTweetEGPD Recovers Stolen Mobile Phone, Nabs Repeat Offender Guwahati, August 10: An East Guwahati Police District (EGPD) team from Bhagaduttapur Out Post has successfully recovered a stolen Oppo A57 mobile…

    • Crime
    • August 9, 2025
    • 8 views
    • 1 minute Read
    EGPD Rescues Missing Minor Girl Within Hours

    Telegram

    TelegramTweetEGPD Rescues Missing Minor Girl Within Hours   In a swift and coordinated operation, a team from Basistha Police Station under East Guwahati Police District (EGPD) successfully rescued a missing…

    Leave a Reply

    Your email address will not be published. Required fields are marked *