তামুলপুৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ পাল নামৰ আয়োজন ৷
তামুলপুৰঃ৬ মাৰ্চঃ
তামুলপুৰ জিলা সদৰস্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত অইন বেলিৰ দৰে এই বেলিও অহা ৮ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে ১২ঘন্টীয়া অখণ্ড পালনামৰ আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি ৮ মাৰ্চৰ পুৱা প্ৰাতঃপ্ৰসংগ,পুৱা ৬’৩০ বজাত আই সকলৰ প্ৰসংগ,৭’৩০ বজাত বাপ সকলৰ প্ৰসংগ,৮-৩০ বজাত ভকতৰ আদৰনী আৰু ন বজাত পালনামৰ শুভাৰম্ভ কৰা হ’ব। পালনামৰ শুভাৰম্ভ কৰিব পাঠক বলোৰাম দাস আৰু ভকত সংগীসকলে ৷দুপৰীয়া প্ৰসাদ বিতৰন,পিছত ঘোষা পাঠৰ অনুষ্ঠান, আবেলি ৩ বজাত আবেলিৰ প্ৰসংগ, সন্ধিয়া গধূলিৰ প্ৰসংগ অনুষ্ঠান পৰিচালনা কৰিব পাঠক মনজিৎ দাসে ৷নিশা ন বজাত পালনামৰ সফল সামৰনি পৰিব।