তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।

Telegram

তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।

 

তামুলপুৰ, ১৫ জুন

 

তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটো আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শাখা সাহিত্য সভাৰ ভৱনটো। ভৱন উদ্বোধনৰ লগত সংগতি ৰাখি তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি উমেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনত অংশ গ্ৰহন কৰি তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়— যি জাতিৰ সাহিত্য, ভাষা, সংস্কৃতি সমৃদ্ধিশালী হয় সেই জাতিৰ বিজ্ঞান , কৃষি, প্ৰতিৰক্ষা শক্তিশালী হৈ পৰে ৷ ইংৰাজী সাহিত্যিক চেক্সপীয়েৰ, মেক্সিম গৰ্কীৰ আগতেই অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে সাহিত্যিকৰ জন্ম হৈছিল বুলি মন্তব্য কৰে ৷ ভাষণ প্ৰসংগত তেওঁ পুণৰ কয় – ড: ভুপেন হাজৰিকাৰ গীত, লিখনিসমূহ ইংৰাজীলৈ অনুবাদ হ’লহেতেন তেতিয়াহ’লে বিশ্বত ড: ভুপেন হাজৰিকাই প্ৰথম নোবেল বঁটা লাভ কৰিলেহেতেন বুলিও মন্তব্য কৰে ৷ সভাত অংশ গ্ৰহন কৰি অসম সহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমনি চৌধুৰীয়ে কয়– শাখা সাহিত্য সভা সমূহ শক্তিশালী হলেহে অসম সাহিত্য সভা শক্তিশালী হব ৷ তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহন কৰিবলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰি ভৱনটোৰ লগত সংগতি ৰাখি এটা পুথি ভড়ালৰ স্থাপনৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ আগবঢ়ায়। সভাত তামুলপুৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ নাথ বড়ো, বাৰ্তা পখিলীৰ সম্পাদক

ব্ৰজেন্দ্ৰ নাথ ডেকা, কবি দ্বীজেন কুমাৰ দাস, তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি উমেশ দাসেও বক্তব্য প্ৰদান কৰে ৷ সভাৰ লগত লগত সংগতি ৰাখি তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তী, বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমনি চৌধুৰী, তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি সুৰেন ৰাভা, প্ৰাক্তন সভাপতি উমেশ দাস, হিৰন্ময়ী দাস, প্ৰক্তন উপ-সভাপতি চক্ৰেশ্বৰ ডেকা, যুৱ সাহিত্য একাডেমী বটাপ্ৰাপ্ত দ্বীজেন কুমাৰ দাস, তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ নাথ বড়ো, প্ৰেমেশ্বৰ বৰ্মনক এখন ফুলাম গামোচা আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

আজিৰ এই ভৱন উদ্বোধনী সভাতে তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্ত্তীক তামুলপুৰ শাখা সাহিত্য সভাৰ মুখ্য উপদেষ্টা হিচাবে আনুষ্ঠানিকভাৱে নিয়োগ কৰা হয়। তামুলপুৰ শাখা সাহিত্য সভাৰ সম্পাদক গনেশ ৰাভাই আঁত ধৰা সভাখনতে মাহেকীয়া বাৰ্তা পখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই পুথি ভড়ালৰ বাবে ৫ হাজাৰ টকা আৰু হিৰন্ময়ী দাসে পুথিভঁৰাল নামত ২ হাজাৰ টকা দিয়াৰ কথা ঘোষনা কৰে ৷ আজিৰ সভাতেই তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ সভাপতি সুৰেন ৰাভা আৰু সম্পাদক অনুপ নাথক দায়িত্বভাৰ অৰ্পন কৰা হয় ৷

  • Related Posts

    • Current
    • September 17, 2025
    • 4 views
    • 1 minute Read
    চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

    Telegram

    TelegramTweetচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ   চতিয়া, ১৭ ছেপ্টেম্বৰঃ চতিয়াৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মৰনৈ নদীৰ ওপৰৰ পুৰনি দলংখনত মঙলবাৰে বিয়লি হঠাতে বৃহৎ…

    • Current
    • September 16, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *