
তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলন
৬২ সংখ্যক ৰঙালী বিহু উদযাপনৰ লাইখুটা স্থাপন
তামুলপুৰ ২৪ মাৰ্চ:
তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ ৬২ সংখ্যক ৰঙালী বিহু উদযাপনৰ লাইখুটা আজি পুৱা স্থাপন কৰা হয় ৷ আজি পুৱা দহ বজাত তামুলপুৰ শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰ প্ৰাঙ্গনত এক মাঙ্গলিক পৰিৱেশত লাইখুটা স্থাপন কৰে ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰি সভাপতি জ্যোতিশ চন্দ্ৰ দাসে ৷ লাইখুটা স্থাপন কৰি দিয়া ভাষনত উদযাপন সমিতিৰ কাৰ্যকৰি সভাপতিগৰাকীয়ে কয় – তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনে এইবাৰ গৌৰৱজ্বল ৬২ বছৰত ভৰি দিছে ৷ অহা সোতৰ আৰু ওঠৰ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হবলগীয়া ৰঙালী বিহুত সকলোকে সহযোগ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে কাৰ্যকৰি সভাপতিগৰাকীয়ে আহ্বান জনায় ৷ আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ সাধাৰন সম্পাদক হিতেশ ডেকা, স্থায়ী সমিতিৰ সাধাৰন সম্পাদক অভিজিৎ দাস, উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকসকল, উদযাপন সমিতি আৰু স্থায়ী সমিতিৰ বিষয়ববীয়াসকল ,তামুলপুৰ প্ৰেছ ক্লাৱৰ সভাপতি উৎপল ডেকা, সাংবাদিক নিতুল দাস আৰু নয়নজ্যোতি দাস , শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰৰ বিষয়ববীয়া আৰু তামুলপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
@@@@@@