তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনৰ আয়োজন।
তালুকদাৰ, তামুলপুৰ ১৪ ডিচেম্বৰ।
তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখন ২১ আৰু ২২ ডিচেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন হাউলী ৰাইজৰ সহযোগত শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা ব্যাপক আয়োজন চলিছে। কাৰ্যসূচী অনুসৰি ২১ ডিচেম্বৰ তাৰিখে আবেলি ৪ বজাত প্ৰতিনিধি পঞ্জীয়ন। সন্ধিয়া ৫ বজাত প্ৰতিনিধি সভা। প্ৰতিনিধি সভা উদ্বোধন কৰিব তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বিৰেণ ৰাভাই। ২২ ডিচেম্বৰ তাৰিখে পুৱা ৮ বজাত পতাকা উত্তোলন। পতাকা উত্তোলন কৰিব তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ ৰাভা, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি গণেশ ৰাভা আৰু বেতনা ডেফেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জন ৰাভাই। পুৱা ৮-৩০ বজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাম্পাদক ভদ্ৰেশ্বৰ ৰাভা, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰভাত ৰাভা আৰু বেতনা ডেফেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সাগৰ ৰাভাই। পুৱা ৯ বজাত গছ পুলি ৰোপন কৰিব নতুন হাউলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপম ৰাভা আৰু ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী ধনেশ্বৰ ৰাভাই। পুৱা ১০-৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি মনেশ্বৰ ৰাভা, তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ৰবেন ৰাভা, বৰবালিশিহা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবি ৰাভা আৰু উলুবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাধৱ ৰাভাই। দুপৰীয়া ১২ বজাত তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ ৰাভাৰ সভাপতিত্ব অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাখনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিটিআৰৰ ৰাভা গণ মৰ্চাৰ সভাপতি জয়ন্ত ৰাভাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাকচক আৰু বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উপেন ৰাভা হাকাচাম। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড° সুভাষ ৰাভা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিত ৰাভা ৰাভা। সন্ধিয়া ৭-৩০ বজাত সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীয়ে। সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব কন্ঠশিল্পী বিশ্বজিৎ ৰাভাই। অধিবেশনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ ৰাভা আৰু সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ ৰাভাই।