তামুলপুৰ জিলা লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্নঃ

Telegram

তামুলপুৰ জিলা লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্নঃ

 

 

তামুলপুৰ,১২ জুলাইঃ

 

তামুলপুৰ জিলা সদৰস্থ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন,তামুলপুৰত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম লেখিকা সমাজৰ অন্তৰ্গত তামুলপুৰ জিলা লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ দিনজোৰা কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হিৰন্ময়ী দাসে ৷ তামুলপুৰ জিলা লেখিকা সমাজৰ অন্তৰ্গত বিজু বৰবৰুৱা,গীতাঞ্জলি তালুকদাৰ,গীতিকা তালুকদাৰ,শকুন্তলা বৰুৱা নায়ককে আদিকৰি কেইবাগৰাকীও সদস্যই তেওঁক সহযোগ কৰে৷ তাৰপিছতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতী পাঠকে ৷ সহযোগ কৰে প্ৰেমদা ঠাকুৰীয়া,লিপিকা পাঠক,অৰ্চনা চৌধুৰী, ডালিমী তালুকদাৰ,কিৰণ বৰ্মন, সবিতা কাকতি আৰু ববিতা দাসে ৷ দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা ৷তামুলপুৰ জিলা লেখিকা সমাজৰ সভাপতি মাধুৰী দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰম্ভ হয় এটি সমবেত সংগীতেৰে ৷অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ দ্বাৰা ৰচিত আৰু সম্পাদিকা বৰ্ণালী দত্ত বৰা সুৰাৰোপিত সমবেত সংগীতটি পৰিবেশন কৰে তামুলপুৰ জিলা লেখিকা সমাজৰ শিল্পী সকলে ৷ সভাত নিৰ্দিষ্ট বক্তা আৰু সন্মানীয় অতিথিৰ আসন অলংকৃত কৰে ক্ৰমে কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি সবিতা বৰ্মন মজুমদাৰ আৰু কামৰূপ জিলা লেখিকা সমাজৰ সাধাৰণ সম্পাদিকা মামণী লহকৰে ৷মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৰুবা ভাষণ প্ৰদান কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অনু দেৱীয়ে ৷ তামুলপুৰ জিলা লেখিকা সমাজৰ সাধাৰণ সম্পাদিকা মৃদুলা কাকতিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত শংকৰদেৱ বিদ্যা নিকেতন,তামুলপুৰৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে কেইবাটাও গীত নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ সভাৰ মাজতে বিয়াগীত বিহুগীত আদি পৰিৱেশন কৰি সকলোকে মোহিত কৰে ভাৰতী পাঠক আৰু ডালিমী তালুকদাৰে ৷ এই সভাতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা কবিতা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বঁটা সমূহ বিতৰণ কৰা হয় ৷ শংকৰ দেৱ বিদ্যা নিকেতন তামুলপুৰৰ প্ৰধান আচাৰ্য জীৱন কলিতা,জোনালী বসুমতাৰী আৰু বিজিতা ডেকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাত অংশগ্ৰহণ কৰে ৷##

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *