তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিবেশন আৰু ৩৭ সংখ্যক তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশনৰ সফল সামৰণি। 

Telegram

তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিবেশন আৰু ৩৭ সংখ্যক তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশনৰ সফল সামৰণি। 

নিখিল বড়ো ছাত্ৰ সন্থাই শিক্ষা লগতে সমাজ পৰিবৰ্তনৰ বাবে কাম কৰি আহিছে—দ্বীপেন বড়ো।

 তামুলপুৰ ২১ ডিচেম্বৰ।

 

আমি সকলো জাতি জনগোষ্ঠীয়ে সমিলমিলেৰে বিটিআৰত বসবাস কৰি আছো। নিখিল বড়ো ছাত্ৰ সন্থাই শিক্ষাৰ লগতে সমাজ পৰিবৰ্তনৰ বাবে কাম কৰি আহিছে।

 

এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৰ। তামুলপুৰ জিলাৰ অন্তৰ্গত চিখনা বড়ো উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিবেশন আৰু ৩৭ সংখ্যক তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়াই।

 

ভাষণ প্ৰসংগত পুণৰ কয়— আজিৰ এই অধিবেশনৰ জৰিয়তে অনাগত দিনত নিখিল বড়ো ছাত্ৰ

সন্থাই কাম কৰি যাবলৈ সাহস পাব। নিখিল বড়ো ছাত্ৰ সন্থাই গুণগত শিক্ষাৰ বাবে কাম কৰি আহিছে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰত গুণগত শিক্ষাৰ বাবে কাম কৰি আছে। বড়ো ছাত্ৰ-ছাত্ৰীয়ে যি মাধ্যমত নপঢ়ক কিয় আমাৰ ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষা লাভ কৰিব লাগিব তাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই ২০ বছৰ ধৰি কাম কৰি আহিছে। আমি বড়ো মাধ্যমৰ লগতে অসমীয়া, বঙালী, ইংৰাজী ভাষাও শিকিব লাগিব। শিক্ষাৰ পৰিবৰ্তনৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে খনে কাম কৰি আছে।

 

অসম চৰকাৰে বিটিআৰ চুক্তিৰ ৩.৬ দফাৰ আধিনত অপ্ৰাদেশিকৰণ বিদ্যালয় সমূহ প্ৰাদেশিকৰণ কৰক, জৰাজীৰ্ণ বিদ্যালয় সমূহ পুণৰ নিৰ্মাণ কৰাৰ লগতে বিদ্যালয় সমূহত শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনাই। ভাষণত পুণৰ কয়— নিখিল বড়ো ছাত্ৰ সন্থাই নিচাজাতীয় দ্ৰব্য মদ, ভাং, ড্ৰাগছ, মানৱ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হৈছে।

 

এটা সময়ত বিটিআৰত সংগ্ৰাম হৈছিল। এতিয়া সংগ্ৰাম নাই। এতিয়া আমি নিৰ্মাণৰ কাম কৰিব লাগিব, বিটিআৰ চুক্তি ৰূপায়ন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰক বিটিআৰ চুক্তি আখৰে আখৰে পালন কৰিবলৈও আহ্বান জনাই দ্বীপেন বড়োৱে। বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জনাই ২০২০ চনত বিটিআৰ শান্তি চুক্তিৰ পিছত ৩৫ লাখ লোকে ভাতৃত্ববোধৰে জীয়াই আছো বুলি মন্তব্য কৰি বিটিআৰত এতিয়া অস্ত্ৰৰ যনজনি নাই, বড়ো অনাবড়োৰ বিভেদ নাই। আন্দোলন চলিব পাৰে কিন্তু হত্যা হিংসা নাই বিটিআৰত। আমি নিখিল বড়ো ছাত্ৰ সন্থাই হত্যা হিংসা নিবিচাৰোঁ কিন্তু কোনো জাতি জনগোষ্ঠীয়ে প্ৰাপ্যৰ পৰা বঞ্চিত হব নোৱাৰে। আমি শান্তি বিচাৰো, উন্নয়ন বিচাৰো। আমি মান মৰ্জদা সহকাৰে জীয়াই থাকিব বিচাৰো।

 

তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি বানেশ্বৰ নাৰ্জীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয়— বিটিআৰত শান্তি আহিছে সমান্তৰালকৈ বিটিআৰত উন্নয়ন হৈছে। বিটিআৰত শিক্ষাৰ পৰিবৰ্তনৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দিনে নিশাই কাম কৰি আহিছে।

 

নিখিল বড়ো ছাত্ৰ সন্থায়ো বিগত সময়ৰ পৰা শৈক্ষিক, আৰ্থসামাজিক দিশত নিৰন্তৰ ভাৱে কাম কৰি আহিছে বুলিও মন্তব্য কৰে। তামুলপুৰ জিলা নিখিল বড়ো‌ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মিলিওনিয়ৰ বড়োৱে আত ধৰা আৰু বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নৱকান্ত গয়াৰীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা মুকলি সভাখনত বিটিআৰ মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভায়ো ভাষণ আগবঢ়াই।

 

আজিৰ এই মুকলি সভাখনত তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিপুল কুমাৰ বসুমতাৰী, প্ৰাক্তন এম চি এল এ মদন মোহন মুছাহাৰী, বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক বানেশ্বৰ বড়োৰ লগতে তামুলপুৰ জিলাৰ সদৌ অসম ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, আক্ৰাছু, গোৰ্খা ছাত্ৰ সন্থা, বেংগলী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আদিকে কেইবাটাও জাতীয় ছাত্ৰ সংগঠনৰ নেতা উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱা ভাগত মাৰাথান দৌৰ, গছপুলি ৰোপন, সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। নিশা সাংস্কৃতিক সন্ধিয়াৰে অধিবেশনৰ সফল সামৰণি পৰে।

 

 

আনহাতে ১৯ তাৰিখেৰ পৰা আৰম্ভ হোৱা অধিবেশনত আগন্তুক বৰ্ষৰ বাবে বাচিৰাম ৰামচিয়াৰীক সভাপতি আৰু জীৱনজিওক বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সমিতি খন গঠন কৰাৰ লগতে বিকাশ বড়োক সভাপতি আৰু সৌমখৰ বড়োক সম্পাদক হিচাপে লৈ তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সমিতি খন গঠন কৰা হয়। তিনিদিনীয়া এই অধিবেশনত পতাকা উত্তোলন, স্মৃতিগ্ৰন্থ উন্মোচন, কৃষি, শিক্ষাৰ ওপৰত আলোচনা কৰা হয়।

  • Related Posts

    • Current
    • June 21, 2025
    • 4 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 4 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *