
তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু তামুলপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত সাধাৰণ সভাঃ
আমাৰ সমাজৰ জ্যেষ্ঠ সকলেহে সমাজক ভাল নেতৃত্ব দিব পাৰে– প্ৰমোদ বড়ো
তামুলপুৰ ,২০ মাৰ্চঃ
আমাৰ সমাজৰ জ্যেষ্ঠ সকলেহে সমাজক ভাল নেতৃত্ব দিব পাৰে—এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ আজি তামুলপুৰৰ মটঙাপাৰত থকা সাংস্কৃতিক ভৱনত তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু তামুলপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই এই মন্তব্য আগবঢ়ায় ৷ তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেণ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁ কয়– আমাৰ যুৱক সকলে যুদ্ধ কৰিব পাৰে,খেলা খেলিব পাৰে ,গান গাব পাৰে,ইঞ্জিনিয়াৰ হ’ব পাৰে ডাক্তৰ হ’ব পাৰে সমাজৰ বিভিন্ন কামকাজ কৰিব পাৰে যুৱক সকলে কিন্তু যুৱক সকলে সমাজক ভালদৰে নেতৃত্ব দিব নোৱাৰে ৷সমাজখন ভালদৰে নেতৃত্ব দিব পাৰে জ্যেষ্ঠ সকলেহে ৷ জ্যেষ্ঠ সকলে বছৰ বছৰ ধৰি প্ৰতিটো ঘাট প্ৰতিঘাট প্ৰত্যক্ষ কৰি অভিজ্ঞতা লাভ কৰিছে৷ জ্যেষ্ঠ সকলৰ যি অভিজ্ঞতা আৰু সমাজক লৈ পৰীক্ষা নিৰীক্ষা সমাজখনে এই কথাটো গুৰুত্ব দিব লাগে আৰু দিয়াটো উচিত বুলি বিটিআৰ প্ৰধান গৰাকীয়ে মন্তব্য প্ৰদান কৰে ৷ সমাজখন সুস্থ কৰি ৰাখিবলৈ জ্যেষ্ঠ সকলে সমাজত মুখ্য ভূমিকা
লব লাগিব বুলি অভিমত ব্যক্ত কৰি তেওঁ উপস্থিত জ্যেষ্ঠ নাগৰিক সকলক হতাশ নহৈ দুগুণ উৎসাহেৰে সমাজৰ হকে কাম কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায়৷ তামুলপুৰ জিলাৰ ন খন বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু পাঁচ শতাধিক জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা
সভাত স্থানীয় যুৱ বিধায়ক জলেন দৈমাৰীয়ে সভাত উপস্থিত থাকি সাৰুৱা বক্তব্য প্ৰদান কৰাৰ লগতে জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ বাবে তেওঁ সদায় তৎপৰ বুলি সদৰী কৰে৷ স্থানীয় সাংস্কৃতিক কৰ্মী শ্যামল দাসে আঁতধৰা সভাতে গোৰেশ্বৰত অনুষ্ঠিত সাংস্কৃতিক সমাৰোহত নিৰ্বাচিত হোৱা শিল্পী সকলক মানপত্ৰ প্ৰদান কৰাৰ উপৰিও ডুবাইত অনুষ্ঠিত ডুবাই এণ্ড ইণ্ডিয়া ইণ্টাৰনেচনেল এক্সিলেণ্ট এৱাৰ্ড,দদা চাহেব ফাল্কে আইকন এৱাৰ্ড বিজয়ী গোৰেশ্বৰ নিবাসী আকাশ বাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী টুটুমণি দত্তক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ আজিৰ সভাত তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী,তামুলপুৰ পৌৰ ভাৰ পৌৰপতি বাণীকান্ত বসুমতাৰী,তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ফণীধৰ কাকতি, উপ সভাপতিদ্বয় অৰবিন্দ মেধি আৰু বৈকুণ্ঠ বসুমতাৰী,তামুলপুৰ জিলা জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক মদন কলিতা,তামুলপুৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক লোহিত দাসৰ উপৰিও বহু সংখ্যক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷##