তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সংবাদমেল। চাওতালী ভাষাত পূৰ্বৰ দৰে ৰোমান সদৃশ লিপি বাহাল ৰখাৰ আহ্বান।

  • Current
  • September 3, 2025
  • 0 Comments
Telegram

তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সংবাদমেল।

চাওতালী ভাষাত পূৰ্বৰ দৰে ৰোমান সদৃশ লিপি বাহাল ৰখাৰ আহ্বান।

 

 

তামুলপুৰ, ০৩ ছেপ্টেম্বৰঃ

 

তামুলপুৰ প্ৰেছ ক্লাৱত আজি সদৌ অসম চাওতালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল যোগে তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দক্ষিণ হেমৰমে কয় যে– অসমৰ চাওতালী জনগোষ্ঠীৰ লোক সকলে ৰোমান সদৃশ লিপিত চাওতালী ভাষা ব্যৱহাৰ কৰাৰ উপৰিও ১৯৪৮ চনৰ পৰা বিদ্যালয় সমূহত ৰোমান সদৃশ লিপিত চাওতালী ভাষা ব্যৱহাৰ হৈ আহিছে। সমগ্ৰ বিটিআৰৰ পাঁচখন জিলাতো ৩৫০ খন বিদ্যালয়ত পূৰ্বৰ নিচিনাকৈ ৰোমান সদৃশ লিপিত চাওতালী ভাষা বিষয়ৰ পাঠদান চলি আছে। কিন্তু শেহতীয়াকৈ ২২ আগষ্টত অসমৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ওদালগুৰিত অল-চিকি লিপি ব্যৱহাৰ কৰি চাওতালী ভাষাৰ এখন কিতাপ উন্মোচন কৰিছে। বৰ্তমান চৰকাৰখনেও চাওতালী ভাষাৰ ক্ষেত্ৰত অল-চিকি লিপি ব্যৱহাৰ কৰাৰ লগতে চাওতালী ভাষাত সম্পূৰ্ণকৈ অল-চিকি লিপি ৰূপায়ণৰ যোজা চলাই আছে। এয়া অতিকে দূৰ্ভাগ্যজনক। যদি অসমত চাওতালী ভাষাৰ ক্ষেত্ৰত অল-চিকি লিপি ব্যৱহাৰ কৰে তেন্তে আমাৰ অসমৰ চাওতালী জনগোষ্ঠীৰ লোকসকল ৫০ বছৰ পিছুৱাই যাব। গতিকে পূৰ্বৰ নিচিনাকৈ অসম চৰকাৰে চাওতালী ভাষাত ৰোমান সদৃশ লিপি ব্যৱহাৰ বাহাল ৰাখিবলৈ শিক্ষামন্ত্ৰীৰ লগতে অসম চৰকাৰক সংবাদমেল যোগে অনুৰোধ জনাইছে। তামুলপুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত কৰা তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সংবাদমেলত চাওতালী সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য মণিৰাম হেমব্ৰম, তামুলপুৰ জিলা চাওতালী সাহিত্য সভাৰ সভাপতি বকুল মাৰ্ডী, সদস্য চুপল বাস্কে, বনিফাছ বেচৰা, ইলিয়াছ চৰেন, লুইচ হাচদা, এঞ্জেলিমুচ হেমব্ৰমকে আদি কৰি কেইবাগৰাকীও চাওতালী সাহিত্যিক উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *