তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা সভাত। 

Telegram

তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা সভাত। 

 

তামুলপুৰৰ পৰা আমছু আৰু এবিএমছুক সকিয়নি দিলীপ শইকীয়াৰ।

 

তামুলপুৰ ১৩ জুলাই।

 

কোচ ৰাজবংশী সকলৰ সমস্যা বা দাবী সমূহ সমাধানৰ বাবে আমি কাম কৰি আছো। ১৫ খন জিলাত ২ কৌটি ২০ লাখ টকাকৈ ১৫ টা চিৰায়ত ভৱন নিৰ্মাণৰ বাবে কাম কৰিছো। —এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আজি তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ পুণৰ কয়— ৭ কৌটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ গুৱাহাটীত এটি অতিথিশালা নিৰ্মাণ কাৰ্য চলি আছে। কম দিনৰ ভিতৰত এই অতিথিশালা নিৰ্মাণ হ’লে কোচ ৰাজবংশী দূৰণীবতীয়া লোক সকলে থকাৰ লগতে বিভিন্ন সুবিধা লাভ কৰিব। উন্নয়ন পৰিষদৰ দ্বাৰা বছা বছা ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। কোচ ৰাজবংশী সকলৰ জনজাতি কৰণৰ বাবে চৰকাৰে কাম কৰি থকা বুলিও সভাত উল্লেখ কৰি চিলাৰায় দিৱসটি প্ৰতিটো বুথে বুথে উৎযাপন কৰা হ’ব বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই। তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ সভাপতি কনক চন্দ্ৰ দাসে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকি অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ হকে অসম চৰকাৰে কৰা কেতবোৰ উন্নয়নমূলক কাম কাজৰ লগতে ৰাজ্যত খিলঞ্জীয়াৰ স্বাৰ্থত বৰ্তমান চৰকাৰখনে কাম কাজ কৰি গৈছে বুলি মন্তব্য কৰে। সভাখনত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱও কোচ ৰাজবংশী সকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে কোচ ৰাজবংশী সকলৰ জনজাতি কৰণৰ বাবেও চৰকাৰক আহ্বান জনাই। আজিৰ এই সভাখনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি কপিল দেৱৰ সিংহ, তামুলপুৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰণ দাস, পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰী, মনোনীত এম চি এল‌ এ হেমন্ত কুমাৰ ৰাভাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ সম্পাদক কনক বৰ্মনে আঁত ধৰা সভাখনতে ২০২৫ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকক কোচ ৰাজবংশী জাতীয় আওচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে পুৱাৰ ভাগত কোচ ৰাজবংশী সন্মিলনৰ পতকা উত্তোলন, চিলাৰায় দিৱসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, স্মৃতি তৰ্পণ, গছ পুলি ৰোপণ, তামুলপুৰ চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে সভাৰ অন্তত সাংবাদিকৰ হোৱা এক বাৰ্তালাপত তামুলপুৰৰ পৰা আমছু আৰু এবিএমছুক পুণৰ সকীয়নি দিলীপ শইকীয়াই কয়—আমছু আৰু এবিএমছুৰ বাবে গোষ্ঠী সংঘৰ্ষ হৈছিল। তেওঁলোকৰ যি কৰ্মকাণ্ড এইবোৰ বাদ দিয়ক। গোষ্ঠী সংঘৰ্ষত প্ৰত্যক্ষ ভাৱে জড়িত আছিল আমছু আৰু এবিএমছু। এবিএমছু, আমছুয়ে খিলঞ্জীয় মানুহৰ বিৰুদ্ধে, চিৰ চেনেহী অসমীয়া ভাষাৰ বিৰুদ্ধে যদি বিতৰ্কিত মন্তব্য দিয়ে তেতিয়া কি পৰিস্থিতি হয় তেওঁলোকে কল্পনাই কৰিব নোৱাৰিব ৷ খিলঞ্জীয়া জাগিলে নিস্তাৰ নাই ৷ আমি সকলোৰে লগত মিলিজুলি সহ অৱস্থান কৰিব বিছাৰো। উচ্ছেদিতৰ কাৰনে ৰকিবুল, অখিল আৰু কংগ্ৰেছে ঘৰিয়ালৰ চকুপানী টুকা বাদ দিয়ক। যদি ৭১ আগত কোনোবা আহিছে আইন আদালতৰ সহায় লওক ৷ গোজক কেতিয়াও গছ হব দিয়া নহব বুলিও মন্তব্য কৰে।বিটিআৰত বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতা সম্পৰ্কত সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰত তেওঁ কয়—- নিৰ্বাচনৰ পিছত বিটিআৰৰ ৰাইজৰ স্বাৰ্থত আমি সিদ্ধান্ত লম।

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *