তামুলপুৰ জিলাৰ কুমাৰীকাত ২১তম্ হাসা -ভাষা বিজয় দিৱস আৰু মাঞ্জহী পাৰগানা সন্মিলনৰ সফল সামৰণিঃ

  • Current
  • December 24, 2024
  • 0 Comments
Telegram

তামুলপুৰ জিলাৰ কুমাৰীকাত ২১তম্ হাসা -ভাষা বিজয় দিৱস আৰু মাঞ্জহী পাৰগানা সন্মিলনৰ সফল সামৰণিঃ

 

গীতে মুখৰ কুমাৰীকাটাৰ নিকটৱৰ্তী দৈমাবাৰী চুপাৰ মাৰ্কেট খেলপথাৰঃ

 

২৪ ডিচেম্বৰঃ

 

 

আদিবাসী চেংগেল অভিযান অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী দৈমাবাৰী চুপাৰ মাৰ্কেট খেলপথাৰত ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় ২১তম্ হাসা-ভাষা বিজয় দিৱস আৰু অসম ভিত্তিত মাঞ্জহী পাৰগানা সন্মিলন

 

২১ ডিচেম্বৰত মাঞ্জহী পাৰগানা সন্মিলন অনুষ্ঠিত কৰাৰ পিছত ২২ ডিচেম্বৰত অনুষ্ঠিত হয় হাসা ভাষা আৰু বিজয় দিৱস ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ আদিবাসী জনগণে সদলবলে যোদো গদান কৰি অনুষ্ঠানটো গীতে মাতে সফল কৰি তোলে ৷

১৮৫৫ চনৰ ৩০ জুন তাৰিখে চিদো মুৰ্মুৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰি চাওতাল সকলে চাওতাল পাৰগানা লাভ কৰিবলৈ সমৰ্থ হৈছিল ৷আনহাতে ভাৰতৰ প্ৰাক্তন সাংসদ চালখান মুৰ্মুৰ নেতৃত্বত ২০০৩ চনৰ ২২ ডিচেম্বৰত চাওতাল ভাষাই সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হবলৈ সমৰ্থ হৈছিল৷তেতিয়াৰ পৰাই আদিবাসী চেংগেল অভিযানে এই দিনটো বিজয় দিৱস হিচাপে পালন কৰি আহিছে ৷ আদিবাসী চেংগেল অভিযানৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সহন হেমৰমৰ সভাপতিত্বত অনুষ্ঠিত বিজয় দিৱসৰ মুকলি সভাত 

ৰাজ্যিক নেতৃত্বৰ উপৰিও সুদূৰ পশ্চিম বঙ্গ,ঝাৰখণ্ডৰ আদি বিভিন্ন প্ৰদেশৰ পৰা আহি কেন্দ্ৰীয় নেতৃবৃন্দই ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক উদ্বুদ্ধ কৰি তোলে ৷ আনহাতে মুকলি সভাতেই প্ৰায় দুকুৰি চাওতালী গাভৰুৱে দলীয় নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো উপভোগ্য কৰি তোলাৰ উপৰিও সভাখনক এক অনন্যমাত্ৰা প্ৰদান কৰে ৷ মুকলি সভাত কেন্দ্ৰীয় চাৰণা ধৰম মাণ্ডৱা গণেশ চন্দ্ৰ মুৰ্মু,মোহন হাচদা,লক্ষ্মীনাৰায়ণ কিস্কুৰ উপৰিও

সেঙ্গেল মহিলা মৰ্চা সভানেত্ৰী অসমৰ চম্পা কিস্কু, ৰাজ্যিক উপ সভাপতি বাজুন টুডূ, বিৰসা মুৰ্মূ, প্ৰমিলা টুডূ ,টেৰেছা হাসদা, চিউদল মুৰ্মূ,  থমাচ চৰেন, ঈশ্বৰ চৰেন,গোপিন হেম্ব্ৰম আদি উপস্থিত থাকে৷##

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *