তামুলপুৰ জিলাৰ কচুকাটা গাঁওৰ অভিষেক দাসৰ রহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোৰ পরিবেশ দিন দিন তীব্ৰ হৈ পৰিছে।

  • Current
  • August 27, 2025
  • 0 Comments
Telegram

তামুলপুৰ জিলাৰ কচুকাটা গাঁওৰ অভিষেক দাসৰ রহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোৰ পরিবেশ দিন দিন তীব্ৰ হৈ পৰিছে।

আজিৰ দিনত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই মাননীয় মুখ্যমন্ত্ৰীৰ নামত জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে এটা স্মাৰক পত্ৰ দাখিল কৰে।

 

স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে, যোৱা ২০ আগষ্ট, ২০২৫ ইং তাৰিখে তামুলপুৰ জিলাৰ অন্তৰ্গত বঙালীপাৰা অঞ্চলৰ ভৰালী চ’কত সংঘটিত দূৰ্ঘটনাত অভিষেক দাস নামৰ ছাত্ৰজনৰ মৃত্যু অতি সন্দেহজনক। এই ঘটনাক লৈ অঞ্চলটোৰ ৰাজহুৱা জীৱন অশান্ত হোৱাৰ লগতে তীব্ৰ প্ৰতিবাদৰ সুৰ উঠিছে।

 

ছাত্ৰ সন্থাই এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি স্পষ্টভাৱে কয় যে অভিষেক দাসৰ মৃত্যুৰ পিছফালে পূৰ্ণাঙ্গ তদন্ত আৱশ্যক। তেওঁলোকে স্মাৰক পত্ৰযোগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক আহ্বান জনাই কয় যে, ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যুৰ প্রকৃত ৰহস্য উদঘাটন কৰি দোষীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।

সন্থাটোৱে লগতে জনাইছে—যদি ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰে কোনো পদক্ষেপ নলয়, তেন্তে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলগীয়া হ’ব।

 

👉 এই ঘটনাই ইতিমধ্যে তামুলপুৰ জিলাত চাঞ্চল্য সৃষ্টি কৰিছে আৰু স্থানীয় ৰাইজে চৰকাৰৰ শীঘ্ৰ হস্তক্ষেপৰ দাবী জনাইছে।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 13 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *