
তামুলপুৰ উন্নয়ন খণ্ডৰ স্পন্দনশীল বিটিআৰ মিছন ৩.০ৰ সজাগতা সভা সম্পন্ন ৷
তামুলপুৰঃ২৪জুনঃ
তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ উন্নয়ন খণ্ডত আজি ভাইব্ৰেট বিটিআৰ মিছন ৩.০ শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত হয়। আজিৰ সভাত ভাইব্ৰেট বিটিআৰ মিছন ৩.০ ৰ জৰিয়তে প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰা হয়। ৭ টা বিভাগৰ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বিষয়ে বিষয়া সকলে উপযুক্ত হিতাধিকাৰী সকলৰ মাজত সজাগতা অনাৰ লগতে আঁচনি সমূহ পাবলৈ কি কি তথ্যৰ প্ৰয়োজন তাৰ বিষয়েও বহলাই কয় আৰু ঠাইতে হিতাধিকাৰী সকলৰ সমস্যা সমাধান কৰি দায় হৈছে ৷ আজিৰ সভাত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন, কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধবা পেঞ্চন, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেঞ্চন, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, জননী সুৰক্ষা কাৰ্যক্ৰম, জননী সুৰক্ষা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনা আঁচনিৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। আজিৰ সজাগতা সভাতে অভিযান দ্যা ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিয়ানৰ বিষয়েও বিশেষকৈ আদিবাসী আৰু চহজনজাতিৰ লোক সকলৰ মাজত সজাগতা আনিবলৈ প্ৰয়াস কৰা হয়। সজাগতা, প্ৰৱেশ, আৰু সবলীকৰণৰ জৰিয়তে জনজাতীয় সম্প্ৰদায়ক সবলীকৰণ কৰা, ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ মিছন যাৰ দ্বাৰা জনজাতীয় অঞ্চলসমূহৰ মাজত সামগ্ৰিক উন্নয়ন আৰু উপকাৰৰ বাবে উৎসৰ্গিত কৰা আঁচনি পি এম-জানমানৰ বিষয়েও বহলাই কোৱা হয়। তদপৰি আয়ুস্বান ভাৰত, আধাৰ কাৰ্ডআপডেট দিয়া,জনধন যোজনাৰ একাউন্ট খোলা ছাত্ৰছাত্ৰী বৃত্তি,দক্ষতা বিকাশৰ প্ৰশিক্ষণ, খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্তি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ,বিশুদ্ধ খোৱা পানী অনাময়আৰু বৈদুতিকৰন সন্দৰ্ভত সজাগতা আনিবলৈ প্ৰয়াস কৰা হয়। আজিৰ এই কাৰ্যসূচীত তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱ কুমাৰ বসুমতাৰী, তামুলপুৰ মহকুমা কৃষি উন্নয়ন বিষয়া নিৰোদ নাথ, তামুলপুৰ চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ৰিংকী দত্ত, পৰ্যবেক্ষক গীতাঞ্জলি তালুকদাৰ, অসম গ্ৰামীণ বিকাশ বেঙ্ক তামুলপুৰৰ শাখা পৰিচালক অমিত কুমাৰ দাস, বিটিআৰ উন্নয়ন ফেলো নীতিৰাজ চহৰীয়া, ৰাখি শৰ্মা সহ কেইবাগৰাকীও বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত থাকে।