তামুলপুৰ আৰক্ষীৰ ৰাইজলৈ গুৰুত্বপূৰ্ণ গোহাৰী 🚨

Telegram

🚨 তামুলপুৰ আৰক্ষীৰ ৰাইজলৈ গুৰুত্বপূৰ্ণ গোহাৰী 🚨

=========================

সৰ্বসাধাৰণ ৰাইজলৈ জনোৱা গৈছে যে বিগত কিছুদিন ধৰি তামুলপুৰ-ৰঙিয়া-ভুটান পথ (NH 127D) ত পথ দুৰ্ঘটনাৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। এই দুৰ্ঘটনাসমূহৰ পিছত কিছু গুৰুত্বপূৰ্ণ কাৰণ চিনাক্ত কৰা হৈছে।

 

🔴 বিশেষকৈ লক্ষ্য কৰা হৈছে যে কিছুমান ব্যক্তি বা গাড়ীচালকে শিল-বালি ট্ৰান্সপ’ৰ্ট কৰিবলৈ ব্যৱহাৰ কৰা ডাম্পাৰ, ট্ৰেক্টৰ আদিৰে পথৰ মাজতে যধেমধে শিল-বালি ৰাখি থৈ গৈছে, যাৰ ফলত সাধাৰণ বাহন আৰু যাত্ৰীৰ বাবে ভয়ংকৰ বিপদৰ সৃষ্টি হৈছে।

 

এই অসচেতনতাৰ ফলত কেইবাটাও সজীৱ জীৱন বিপদগ্ৰস্ত হৈছে, আৰু পথ নিৰাপত্তা এক গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে।

 

⚠️ সেয়ে, তামুলপুৰ জিলা আৰক্ষী প্ৰশাসনে সকলো পথ ব্যৱহাৰকাৰী, বিশেষকৈ:

 

ডাম্পাৰ চালক,

 

ট্ৰেক্টৰ মালিক আৰু চালক,শিল-বালি ব্যৱসায়ী আৰু আন সকলো যি কোনো প্ৰকাৰে এই পথ ব্যৱহাৰ কৰে।

তেওঁলোকক আবশ্যকীয়ভাৱে অনুৰোধ জনাইছে যাতে এই পথত শিল-বালি ৰাখি পথটো অৱৰোধ নকৰে আৰু পথটো সদায় মুকলি তথা সুৰক্ষিত কৰি ৰাখে।

 

🚓 আৰক্ষী বিভাগে আগন্তুক দিনত এই পথত কঠোৰ নজৰদাৰী চলাব, আৰু নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় বিধি-ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

 

ৰাইজৰ সুৰক্ষা আমাৰ প্ৰাথম্য।

আপোনালোকৰ সহযোগই এটা সুৰক্ষিত সমাজ গঢ়ি তুলিব।

 

— তামুলপুৰ জিলা আৰক্ষী প্ৰশাসন

 

 

#PublicSafety #TamulpurPolice #NH127D #RoadSafety #অসম #জনসচেতনতা

 

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 2 minutes Read
    BTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa

    Telegram

    TelegramTweetBTR CEM Pramod Boro Distributes Approval Letters to 211 Casual Forest Workers in Baksa   Furthering the Bodoland Territorial Region (BTR) administration’s commitment to ensuring sustainable and gainful employment across…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    Leave a Reply

    Your email address will not be published. Required fields are marked *