তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।

  • Current
  • December 8, 2024
  • 0 Comments
Telegram

তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।

 

তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ উপ সভাপতি নৃপেন চন্দ্ৰ মেধিয়ে । স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে চিত্ৰলেখা হাজৰিকা আৰু বুলু তালুকদাৰে । পুৱাৰ ভাগত অনুষ্ঠিত বিশেষ সভাখনত উপস্থিত থাকে দীনেশ মহন্ত আৰু প্ৰবুল কুমাৰ গগৈয়ে । ইপিনে আজি পুৱাৰ ভাগত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত দীপাংকৰ নাথ । সভাত অতিথি হিচাপে কেপ্টেইন প্ৰাণদ্বীপ , লেফ্টটেনেন্ট আনন্দ , তামুলপুৰ জিলা পৌৰ সভাৰ অধ্যক্ষ বাণীকান্ত বসুমতাৰী আৰু প্ৰাক্তন সেনা বিষয়া সোণেশ্বৰ দৈমাৰীয়ে অংশগ্ৰহণ কৰে ।

  • Related Posts

    • Current
    • September 17, 2025
    • 2 views
    • 1 minute Read
    চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

    Telegram

    TelegramTweetচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ   চতিয়া, ১৭ ছেপ্টেম্বৰঃ চতিয়াৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মৰনৈ নদীৰ ওপৰৰ পুৰনি দলংখনত মঙলবাৰে বিয়লি হঠাতে বৃহৎ…

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *