
তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।
তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় । প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শ্বহীদৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে তামুলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ উপ সভাপতি নৃপেন চন্দ্ৰ মেধিয়ে । স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে চিত্ৰলেখা হাজৰিকা আৰু বুলু তালুকদাৰে । পুৱাৰ ভাগত অনুষ্ঠিত বিশেষ সভাখনত উপস্থিত থাকে দীনেশ মহন্ত আৰু প্ৰবুল কুমাৰ গগৈয়ে । ইপিনে আজি পুৱাৰ ভাগত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ।