তামুলপুৰ আঞ্চলিক কাৰ্যালয় সন্মুখত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি।

Telegram

 

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাৱীত তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আছুৰ যোগানমন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ।

 

অসম আদিত্য, অভিজিৎ তালুকদাৰ, তামুলপুৰ ১১ নৱেম্বৰ।

 

ৰাজ্যত সংঘটিত অবাধ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা সমূহে নিজ নিজ অঞ্চলত যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তামুলপুৰ জিলাৰ কুমাৰীকাটাত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ডুলুজিৎ দাসৰ নেতৃত্বত এই প্ৰতিমূৰ্ত্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে যোগান বিভাগ হুছিয়াৰ, অসম চৰকাৰ হায় হায়, ৰণজিৎ দাস মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হুছিয়াৰ আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলীৰ পৰা আছু ৰাজ্যিক কাৰ্যনিৰ্বাহকগৰাকীয়ে অতি শীঘ্ৰে নিত্য ব্যাৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আহ্বান জনায়। ৰণজিৎ কুমাৰ দাসৰ নিচিনা অকৰ্মণ্য মন্ত্ৰী অসমৰ ইতিহাসতে বিৰল বুলি তেওঁ অভিহিত কৰে৷ অসমৰ ৰাইজৰ মেৰুদণ্ড ভাঙি দিয়া এই মূল্যবৃদ্ধি আগন্তুক দিনত ৰোধ নহলে পুনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ প্ৰদান কৰে৷ আনহাতে কুমাৰীকাটাৰ লগতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাইও একেই দাবীৰে আকাশ বতাহ উত্তাল কৰি তোলে ৷ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি অনুপ কলিতাৰ উপস্থিতিত এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হয়৷ একেদৰেই দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই গান্ধীবাৰীত, পূৱ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই নাওকাটাত, উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই জিলা ছাত্ৰ সন্থাৰ সম্পাদক নয়নজ্যোতি কলিতাৰ নেতৃত্বত মহৰিপাৰাত, গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই গোৰেশ্বৰত এই কাৰ্য্যসূচী ৰূপায়ণ কৰি যোগানমন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰে৷

  • Related Posts

    ফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা

    Telegram

    TelegramTweetফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা অসমৰ স্বাভিমান! ধেকিয়াজুলিৰ (জিলা – শোণিতপুৰ) গৰ্ব, মেজৰ দ্বীপান্বিতা কলিতাই মহিলা পেৰাট্ৰুপাৰ হিচাপে ইতিহাস গঢ়াৰ পিছত…

    অক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী

    Telegram

    TelegramTweetঅক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী   গুৱাহাটী, ৩০ জুলাই, ২০২৫   অসম চৰকাৰে অহা অক্টোবৰৰ ভিতৰত ১৩,000ৰো অধিক পদত নিযুক্তি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *