তামুলপুৰৰ ৰাজপথত এবিএমছুৰ উত্তাল প্ৰতিবাদ।

Telegram

তামুলপুৰৰ ৰাজপথত এবিএমছুৰ উত্তাল প্ৰতিবাদ।

 

৯ জুলাই।

 

ধুবুৰীৰ চাপৰৰ চৰুৱাবাখৰা, চিৰাখূটা, সন্তোষপুৰত চৰকাৰে চলোৱা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (এবিএমছু)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ জিলাৰ দ্বাৰকুছিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৱে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাকাৰী সকলে অমানৱীয় উচ্ছেদ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, এবিএমছু জিন্দাবাদ, অসম চৰকাৰ হায় হায়, অসমৰ উচ্ছেদ বন্ধ কৰক, আমাৰ অধিকাৰ জন্মত অধিকাৰ আদি শ্লোগানৰে তামুলপুৰ দ্বাৰকুছিৰ আকাশ বতাহ কপাই তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি টাইচন হুছেইনে কয়— অসমৰ বিভিন্ন ঠাইত বৰ্বৰ ভাৱে ভূমিহিন অসমৰ সংখ্যালঘু পৰিয়ালক উচ্ছেদ চলাইছে চৰকাৰে। চৰকাৰে অমানৱীয় উচ্ছেদ বন্ধ কৰি ভূমিহিন লোকক ভূমি প্ৰদান কৰক। ভাৰতৰ সংবিধানক চৰকাৰে ভৰিৰে মোহাৰি উচ্ছেদ চলোৱা কাৰ্যৰ বিৰুদ্ধে অহা ২১ জুলাইত দিল্লী কঁপাব বুলিও টাইচন হুছেইনে মন্তব্য কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খান , সম্পাদক ববুল আলীৰ লগতে দুই শতাধিক এবিএমছুৰ নেতা কৰ্মী উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *