তামুলপুৰৰ ২নং বানগুৰি (উলুবাৰী)ত চতুৰ্থ বাৰ্ষিক ১২ ঘণ্টীয়া অখণ্ড পালনাম মহোৎসৱ।

Telegram

তামুলপুৰৰ ২নং বানগুৰি (উলুবাৰী)ত চতুৰ্থ বাৰ্ষিক ১২ ঘণ্টীয়া অখণ্ড পালনাম মহোৎসৱ।

তামুলপুৰঃ২২জানুৱাৰীঃ

তামুলপুৰৰ ২নং বানগুৰি (উলুুবাৰী) শ্ৰীশ্ৰী শংকৰদেৱ শাখা সত্ৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় চতুৰ্থ বাৰ্ষিক ১২ ঘণ্টীয়া অখণ্ড পালনাম মহোৎসৱ ৷ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ত পুৱা জাগৰন, ছয় বজাত পৰিবেশ নিকাকৰন, আই সকলৰ নাম প্ৰসংগ,বাপ সকলৰ নিত্য প্ৰসংগ,৮-৩০ বজাত পালনাম মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি, ৯ টজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মাধৱ কলিতাই ৷

 

পাছত স্মৃতি তৰ্পন, গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ দিনৰ এঘাৰ বজাত ভাগৱত শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী কণিকা পাঠকে। স্থানীয় আই ,বাপ – বান্ধৱ তথা ভক্তবৃন্দই সকলে ভাগৱত শোভাযাত্ৰাত অংশ গ্হৰহন কৰে হৰিনান ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ উলুবাৰী অঞ্চল। দুপৰীয়া দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীয়ে ৷

 

আবেলি নাম প্ৰসংগ আৰু সন্ধিয়া অঞ্চলটোৰ কেবাগৰাকী বিশিষ্ট লোকে বন্তি প্ৰজলন কাৰ্যসূচী ৰূপায়ন কৰে। সন্ধিয়া বীৰনাম সমাৰোহ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় ৷নিশা ছোৱালীৰ নাগাৰা নাম পৰিবেশ কৰা হ’ব ৷কাইলৈ দ্বিতীয় দিনা ৰাতিপুৱা নিয়মীয়া কাৰ্যসূচীৰ উপৰিও ভকত বৈষ্ণৱৰ আদৰনি কাৰ্যসূচী অনুষ্ঠান,৮-১৫ বজাত বাৰ ঘন্টীয়া পালনাম ৰ মুখ্যদ্বাৰ মুকলি কৰিব বিধায়ক জলেন দৈমাৰীয়ে ৷

 

পিছত বাৰঘন্টীয়া পালনামৰ শুভাৰম্ভনী কৰিব পালনামৰ মুখ্য পাঠক সৗৰাং বড়োৱে অংশ গ্ৰহন কৰাৰ লগতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ড° বাবুল চন্দ্ৰ দাস, ডেকা সত্ৰীীয়া গৌতম দাস,বৰংগাজুলিৰ সত্ৰৰ সত্ৰীয়া নিৰঞ্জন বড়োই অংশ ল’ব ৷ দিনৰ এক বজাত প্ৰসাদ বিতৰন, দুই বজাত কীৰ্তন পাঠ, আবেলি নাম প্ৰসংগৰে পালনামৰ সফল সামৰনি পৰিব বুলি উদ্যোক্তা সকলে জনাইছে ৷

  • Related Posts

    HCM Dr. Himanta Biswa Sarma Pays Tribute to Bhagwan Birsa Munda in Baksa

    Telegram

    TelegramTweetHCM Dr. Himanta Biswa Sarma Pays Tribute to Bhagwan Birsa Munda in Baksa Today, during his visit to Baksa district, Hon’ble Chief Minister Dr. Himanta Biswa Sarma paid a solemn…

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *