তামুলপুৰৰ হাঁহকাটা বালাবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷

  • Current
  • January 7, 2025
  • 0 Comments
Telegram

তামুলপুৰৰ হাঁহকাটা বালাবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷

 

তামুলপুৰ ৭ জানুৱাৰী।

 

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ উপদ্ৰৱে ইতিমধ্যেই সীমান্তৰ গাঁৱ সমূহৰ লগতে পাগলাদিয়া নদীৰ দুই পাৰৰ নৈ পৰীয়া ৰাইজক ত্ৰাসিত কৰি তুলিছে ৷ কালি নিশাও হাতীৰ জাকে নদীপৰীয়া হাহকাটা বালাবাৰীত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ ঘৰবাৰী আনকি ঘৰত ব্যৱহৃত আচবাব ৰান্ধনী ঘৰৰ বাচনবৰ্তন সমূহ নষ্ট কৰে ৷ দিনৰ ভাগত পাগলাদিয়াৰ বুকুত আশ্ৰয় গ্ৰহন কৰাৰ বিপৰীতে নিশা হলেই নৈ পৰীয়া গাঁৱ সমূহত প্ৰৱেশ কৰি নিদ্ৰহৰন কৰি আহিছে বনৰীয়া হাতীৰ জাকে।

 

শেহতীয়াকৈ নদীৰ বুকুৱেদি নলবাৰী জিলাত প্ৰৱেশ কৰিছিল হাতীৰ জাক। সম্প্ৰতি বনবিভাগৰ মন্ত্ৰীৰ নিৰ্দেশত বনবিভাগক সতৰ্ক কৰি দিছে যাতে কোনোপধ্যেই নলবাৰী জিলাত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰিব নোৱাৰিব ৷ হাতী নিৰীক্ষণৰ বাবে নলবাৰী আৰু তামুলপুৰ জিলাৰ সীমাত জাৰতালুকত বন শিবিৰ স্থাপন কৰাৰ নিৰ্দেশ দিয়াত এতিয়া তামুলপুৰ আঞ্চলিক বন কাৰ্যলয়ৰ কৰ্মচাৰীয়ে নিশা হলেই জাৰতালুকত পাগলাদিয়াৰ ওপৰত থকা পকী দলং তহল দি হাতীৰ গতিবিধি নিৰীক্ষণ কৰি আহিছে ৷

 

ইপিনে খাদ্যৰ সন্ধানত ভুটানৰ পাহাৰৰ পৰা পাগলাদিয়াৰ নদীৰ বুকুৱেদি নামি অহা হাতীৰ জাকক লৈ বনবিভাগো সমস্যাত পৰিছে ৷ নিশা হলেই হাতীৰ জাকক লৈ তামুলপুৰৰ বনবিভাগৰ কৰ্মচাৰী সকলৰ লগত বনৰীয়া হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ মাজত সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াকে লৈ কালি নিশাও হাতীৰ প্ৰৱেশ পাছতে বন কৰ্মচাৰৰীৰ তহলদাৰী দলৰ সৈতে মতৰ অমিল হয়। ইপিনে হাহকাটা বালাবাৰীৰ অৱনী ডেকা আৰু নৰেশ ডেকা দুয়ো গৰাকী কৃষক পৰিয়াতলত হাতীয়ে তাণ্ডৱ চলাই ব্যাপক হাৰত ক্ষতিগ্ৰস্ত কৰে ৷

  • Related Posts

    • Current
    • June 19, 2025
    • 6 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 5 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *