
তামুলপুৰৰ হাঁহকাটা বালাবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷
তামুলপুৰ ৭ জানুৱাৰী।
শেহতীয়াকৈ নদীৰ বুকুৱেদি নলবাৰী জিলাত প্ৰৱেশ কৰিছিল হাতীৰ জাক। সম্প্ৰতি বনবিভাগৰ মন্ত্ৰীৰ নিৰ্দেশত বনবিভাগক সতৰ্ক কৰি দিছে যাতে কোনোপধ্যেই নলবাৰী জিলাত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰিব নোৱাৰিব ৷ হাতী নিৰীক্ষণৰ বাবে নলবাৰী আৰু তামুলপুৰ জিলাৰ সীমাত জাৰতালুকত বন শিবিৰ স্থাপন কৰাৰ নিৰ্দেশ দিয়াত এতিয়া তামুলপুৰ আঞ্চলিক বন কাৰ্যলয়ৰ কৰ্মচাৰীয়ে নিশা হলেই জাৰতালুকত পাগলাদিয়াৰ ওপৰত থকা পকী দলং তহল দি হাতীৰ গতিবিধি নিৰীক্ষণ কৰি আহিছে ৷