তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ ও শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ বিশাল প্ৰস্তুতি।

  • Current
  • January 15, 2025
  • 0 Comments
Telegram

তামুলপুৰৰ হস্তীনাপুৰত হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ ও শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ বিশাল প্ৰস্তুতি।

 

তামুলপুৰ, ১৫ জানুৱাৰী।

 

তামুলপুৰ জিলাৰ হস্তীনাপুৰ শান্তি আশ্ৰমত অহা ১৮ তাৰিখৰ পৰা ২৬ জানুৱাৰীলৈ ৯ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব হিন্দু জাগৰণ মহাসভা ও ১৫ সংখ্যক শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞানযজ্ঞ ও শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞ। ইতিমধ্যে এই ৯ দিনীয়া কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে। কাৰ্যসূচী অনুসৰি ১৮ জানুৱাৰীত পুৱা স্বচ্ছ ভাৰত চাফাই অভিযান,ধৰ্মীয় ধ্বজা উত্তোলনৰ পিছতে মুখ্যদ্বাৰ উন্মোচন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ ধৰ্ম নাৰায়ণ দাসে। ইয়াৰ পিছতে পুৱা ১০ বজাত এক বিশাল ধর্মীয় শোভাযাত্ৰা ও বাইক ৰেলী উলিওৱা হব। শোভাযাত্ৰা মুকলি কৰিব স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে। একেদৰে ১৯ জানুৱাৰী তাৰিখেও পুৱা ৯ বাজি ৩০ মিনিটত বাৰেৰহনীয়া ধৰ্মীয় শোভাযাত্ৰা আৰু গংগা আনয়ন মুকলি কৰিব স্বাদ্বী স্বৰূপা মাতাজীয়ে। ইয়াৰ পিছতে দিনৰ ১২ বজাত আৰম্ভ হব বিশাল ধৰ্মীয় আলোচনা সভা। ‘সনাতন ধৰ্মৰ বৈচিত্ৰ আৰু আমাৰ সামাজিক দায়িত্বৰ’ ওপৰত বিস্তৃত ধৰ্মীয় আলোচনা সভাত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলনৰ অধ্যাপক দিগন্ত বিশ্বশৰ্মাই।লগতে অংশগ্ৰহণ কৰিব কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জ্ঞানেন্দ্ৰ বৰ্মন,অৱসৰ প্ৰাপ্ত প্ৰবক্তা সুনন্দ বৰ্মন, অশোক ভট্টাৰাই, আৰু পতনজলিৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰশাসনিক স্বাদ্বী স্বৰূপা মাতিজীয়ে। একেদৰে ২৬ জানুৱাৰীলৈ প্ৰতিদিন চণ্ডী গীতা ও বেদপাঠ,শ্ৰীবিষ্ণু মহাযজ্ঞ,ভাগৱত কথা প্ৰৱচন,আৰতি আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী ৰূপায়ন হব। অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী,বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,বিশিষ্ট অতিথি হিচাবে অংশ লব বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা,দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। সমগ্ৰ অনুষ্ঠানক কেন্দ্ৰ কৰি আজি পুনৰ আয়োজক সমিতিৰ উদ্যোগত এক প্ৰস্তুতি সভা আয়োজন কৰি সকলোৰে দায়িত্বভাৰ সমূহ অৰ্পণ কৰা হয়। আয়োজক সমিতিৰ সভাপতি সম্পাদক তথা শান্তি আশ্ৰমৰ তত্বাৱধায়ক শ্ৰীমৎ স্বামী সম্পূনাণন্দ স্বৰস্বতীয়ে জানিব দিয়া অনুসৰি ৯ দিনীয়া এই কাৰ্যসূচীৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ লগতে আটাইকেইটা দিনৰ ওপৰিও বিশেষকৈ ১৮ আৰু ১৯ তাৰিখৰ প্ৰতিটো কার্যসূচীত প্ৰতি গৰাকী সনাতনি লোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰে। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব লগা এই হিন্দু মহাসভাত সনাতনী ধৰ্ম গুৰু,সাধু-গুৰু বৈষ্ণৱ, সকলেও অংশ লব বুলি জনায়।

  • Related Posts

    • Current
    • September 14, 2025
    • 4 views
    • 1 minute Read
    অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

    Telegram

    TelegramTweetঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”   শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনটোত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি…

    • Current
    • September 13, 2025
    • 6 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *