
তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত পৰ্যটক আৰু বনভোজকাৰীৰৰ ভীৰ ৷
জৈৱ বিচিত্ৰতাৰ সমাহাৰেৰে সমৃদ্ধ বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মোহত আবদ্ধ হাজাৰ হাজৰ দেশী বিদেশী পৰ্যটক৷
বগামাটীৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি আগমন ঘটিল বনভোজকাৰী দল
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে আগমন ঘটিছে ছাত্ৰ ছাত্ৰীসকলৰ ।
জিলা প্ৰশাসনৰ SOPত সহযোগ কৰিছে বগামাটি ডাউৰাইঝাৰ ইকো টুৰিজিম চোচাইটিয়েও ৷
ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ দুয়োপাৰে সেউজীয়া গছগছনিত দেখা গৈছে পৰ্যটক চৰাইৰ আগমণ৷ বিভিন্ন পাট চৰাই, ধনেশ, ময়ূৰ আদি পক্ষী নীৰিক্ষণৰ বাবেই এতিয়া আগমণ ঘটিছে পক্ষী প্ৰেমীসকলৰ৷ শীতৰ আগমণত বিভিন্ন প্ৰজাতিৰ পাট চৰাই আৰু পৰিযটক চৰাইৰ কল কাকলিত এতিয়া মুখৰিত হৈ পৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ পৰ্যটন স্থলী বগামাটি৷