
তামুলপুৰৰ বিপিএফ নেতাৰ বিৰুদ্ধে অপপ্ৰচাৰ
বিপিএফৰ উত্থানত শংকিত হৈ অপপ্ৰচাৰ অভিযোগ –
তামুলপুৰ,৮ ছেপ্তেম্বৰ-
সমাগত বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতেই তামুলপুৰ জিলাৰ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী জীতেন মোছাহাৰী , গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰী আৰু তামুলপুৰ জিলা বিপিএফৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলামৰ বিৰুদ্ধে একাংশ লোকে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে । আজি সন্ধিয়া সংবাদ মাধ্যমৰ আগত বিপিএফ নেতা যোগেন বসুমতাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰি কয়, মই ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ এইবাৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিলোঁ । কিন্তু সমষ্টিটোত মোক প্ৰাৰ্থীত্ব নিদি দলৰে যুৱ নেতা জীতেন মোছাহাৰীক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইয়াত মোৰ কোনো আক্ষেপ নাই । দলৰ সিদ্ধান্ত মই মানি লৈছোঁ । দলীয় প্ৰাৰ্থী জীতেন মোছাহাৰীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ দলৰ নেতা কৰ্মী সমৰ্থকসকলে যি ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে ময়ো জীতেন মোছাহাৰীক জয়ী কৰাবলৈ আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ । কিন্তু শেহতীয়াকৈ এটা দুষ্ট চক্ৰই অপ প্ৰচাৰ চলাইছে যে মই হেনো ধনৰ বিনিময়ত বিক্ৰী গৈ অইন দলৰ হৈ প্ৰচাৰ কৰি আছো । যিটো কথাই গয়বাৰী সমষ্টিৰ একাংশ বিপিএফৰ সমৰ্থক আৰু কৰ্মীক বিভ্ৰান্ত কৰাৰ লগকে দলৰ মাজত মোৰ ভাৱমূৰ্ত্তী বিনষ্ট কৰিছে ৷ মোৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন বুলি গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীয়ে আৰু পুনৰ কয়, মই এতিয়াও বিপিএফ দলৰ হৈ কাম কৰি আছোঁ দলৰ প্ৰাৰ্থী গৰাকীক নিৰ্বাচনত জিকাই নিয়াৰ স্বাৰ্থত সকলো ধৰনৰ চেষ্টা অব্যাহত ৰাখিম । অনুৰূপ মন্তব্য কৰে তামুলপুৰ জিলা বিপিএফৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলামৰ ৷ তেওঁ কয় বিপিএফ দলৰ উত্থানত একাংশ শংকিত হৈ পৰিছে আৰু এনেধৰণৰ অপ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে । গতিকে দলীয় নেতা কৰ্মী আৰু সমৰ্থকসকলে ভুল বুজিব নালাগে । আমি বিপিএফ দলৰ হৈ কাম কৰি আছোঁ আৰু কাম কৰি যাম । বিপিএফ নেতা দুগৰাকীৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰত একাংশ বিপিএফ বিৰোধী চক্ৰৰ লগতে এটা বিশেষ ৰাজনৈতিৰ দলৰ নেতা কৰ্মীও জড়িত বুলি ছৰিফুল ইছলামে অভিযোগ উত্থাপন কৰি কয়, বিৰোধীয়ে যিমান অপপ্ৰচাৰ নচলাওক কিয় গয়বাৰী সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী জিতেন মোছাহাৰীয়ে জয় লাভ কৰিব সেইয়া নিশ্চিত ৷