তামুলপুৰৰ বগামাটি অঞ্চলত বনভোজ দলৰ ছাউণ্ড ছীষ্টেম জব্দ।

  • Current
  • December 8, 2024
  • 0 Comments
Telegram

তামুলপুৰৰ বগামাটি অঞ্চলত বনভোজ দলৰ ছাউণ্ড ছীষ্টেম জব্দ।

*তামুলপুৰ, ৮ ডিচেম্বৰ, ২০২৪* : তামুলপুৰ জিলাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ অধীনৰ বগামাটিৰ লগতে তামুলপুৰ আৰু গোৰেশ্বৰ আৰক্ষী থানাৰ অধীনৰ বনভোজস্থলীসমূহত প্লাষ্টিক আৰু ছাউণ্ড ছীষ্টেমৰ প্ৰয়োগ নিষিদ্ধ কৰা হৈছে বুলি যোৱা ৪ ডিচেম্বৰত তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এক নিষেধাজ্ঞা জাৰি কৰিছিল। উক্ত অঞ্চলসমূহত যাতে পাৰিপাৰ্শ্বিক তথা পাৰিস্থিতিক ভাৰসাম্য অটুট থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা দণ্ডাধীশগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল। তাৰ পাছতেই আৰক্ষী তথা বন বিভাগ সষ্টম হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে যোৱা ৭ ডিচেম্বৰত বগামাটি অঞ্চললৈ বনভোজ খাবলৈ যোৱা দলৰ পৰা ছাউণ্ড ছীষ্টেম জব্দ কৰাৰ লগতে অঞ্চলটোত প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ বনভোজ দলৰ লোকসকলক বুজাই দিয়ে। এই অভিযান নিষেধাজ্ঞা উঠাই নোলোৱা পৰ্যন্ত অব্যাহত থাকিব। জিলাখনত চলি থকা হস্তী-মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে গ্ৰহণ কৰা এনে প্ৰচেষ্টাৰ শলাগ লৈছে সচেতন মহলে। উল্লেখ্য যে উক্ত অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত বনভোজ দলসমূহে পুৱা ৯ বজাৰ আগত বনভোজস্থলীত উপস্থিত হোৱাত বাধা আৰোপ কৰাৰ লগতে তেওঁলোকে আবেলি ৪ বজাৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব বুলি জাৰি কৰা নিষেধাজ্ঞা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বলৱৎ হৈ থাকিব।

  • Related Posts

    • Current
    • September 17, 2025
    • 2 views
    • 1 minute Read
    চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

    Telegram

    TelegramTweetচতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ   চতিয়া, ১৭ ছেপ্টেম্বৰঃ চতিয়াৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মৰনৈ নদীৰ ওপৰৰ পুৰনি দলংখনত মঙলবাৰে বিয়লি হঠাতে বৃহৎ…

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *