তামুলপুৰৰ প্ৰাক্তন বিধায়ক লেহোৰাম বড়ো চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন।

Telegram

তামুলপুৰৰ প্ৰাক্তন বিধায়ক লেহোৰাম বড়ো চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন।

 

তালুকদাৰ, তামুলপুৰ ২৯ মে।

 

তামুলপুৰৰ প্ৰাক্তন বিধায়ক লেহোৰাম বড়োৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকী দিৱস পালন কৰা হয়। তামুলপুৰ জিলা ইউপিপিএলৰ উদ্যোগত আৰু গয়বাৰী ব্লক ইউপিপিএলৰ সহযোগত তামুলপুৰৰ ৰাজহুৱা উদ্যানত থকা প্ৰতিমূৰ্ত্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন কৰা হয়। আজিৰ এই অনুষ্ঠানত বিধায়ক গৰাকীৰ কনিষ্ঠ ভাতৃ প্ৰবিৰ বড়ো, তামুলপুৰ জিলা ইউপিপিএলৰ সম্পাদক গনেশ নাথ, বাণেশ্বৰ বড়ো, গয়বাৰী ব্লক ইউপিপিএলৰ সভাপতি নৰহৰি মহন্ত, সম্পাদক কবিন চন্দ্ৰ বসুমতাৰী, সাধাৰণ সম্পাদক নগেন নাথ, তামুলপুৰ জিলা ইউপিপিএলৰ মহিলা শাখাৰ সভানেত্ৰী কুঞ্জ বড়ো, সম্পাদিকা ভানুমতি বসুমতাৰী, গয়বাৰী যুৱ শাখাৰ সভাপতি অজয় বড়ো, তামুলপুৰ জিলা ইউপিপিএলৰ যুৱ শাখাৰ উপ-সভাপতি সন্তোষ পাটোৱাৰীৰ লগতে ইউপিপিএল দলৰ নেতা কৰ্মী সকল উপস্থিত থাকে। উল্লেখযোগ্য যে কভিডৰ মহামাৰীৰ সময়ত কভিডত আক্ৰান্ত হৈ তামুলপুৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু হৈছিল।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *