
তামুলপুৰৰ দৰঙাজুলি আৰু নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিজেপিৰ দুখনকৈ সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।
তামুলপুৰ, ৫ ছেপ্টেম্বৰঃ
তামুলপুৰৰ ২৬ নম্বৰ দৰঙাজুলি আৰু ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপিৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ২৬ নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ আঙাৰকাটাত দৰঙাজুলি মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত সমষ্টিটোৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীৰ হৈ এখন সজাগতামূলক সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি উক্ত অঞ্চলটোৰ উন্নয়নৰ কথা দোহাৰে তথা আগন্তুক দিনত অৰুণোদয়, ৰেচন কাৰ্ড আদি চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ জড়িয়তে আৰু অধিক উন্নয়ন তৰান্বিত কৰা হব বুলি দোহাৰে। ইপিনে বিটিআৰত বঙালী সকলৰ ডি ভোটাৰৰ সমস্যাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ ক্ষেত্ৰত মন্ত্ৰী বৰুৱাই কয় যে– হিন্দু বঙালী সকলৰ বাবে ভাৰতীয় জনতা পাৰ্টি সদাই আছে। ইয়াত একাংশ দালাল ৰূপি নেতাই হিন্দু বঙালীক লৈ ৰাজনীতি কৰি আছে। এইসকল দালালক উচিত শিক্ষা দিয়া হ’ব। বিটিআৰত এইবাৰ বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত বিটিআৰত বসবাস কৰা অইন জনগোষ্ঠী সমূহৰ লগতে হিন্দু বঙালী সকলক মাটিৰ পাট্টা প্ৰদান কৰাৰ লগতে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধাসমূহ প্ৰদান কৰা হ’ব। সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে— এইবাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজিত গৌৰা নাৰ্জাৰী ৰেকৰ্ড গঢ়ি জয় লাভ কৰিব। চাৰিওফালে ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱেশ। পদুম ফুলৰ ছবিত ভোট দিবলৈ ৰাইজে আশাৰে বাট চাই আছে। বিটিআৰত প্ৰতিটো জাতি জনগোষ্ঠীৰে লোকে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে অধিকাৰ লাভ কৰিব। এয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম দায়িত্ব। আজিৰ এই সভাখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচি নিৰ্বাচনৰ দৰঙাজুলিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী, দৰঙাজুলি মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ দাস, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসসহ কেইবাগৰাকীও দলীয় শীৰ্ষ নেতা উপস্থিত থাকে। ইপিনে তামুলপুৰ জিলাৰ কাউলী গ্ৰামদান সংঘত আজি ভাৰতীয় জনতা পাৰ্টি নাগ্ৰীজুলি মণ্ডলৰ উদ্যোগত আৰু তামুলপুৰ জিলাৰ সহযোগত বিজেপিৰ এখন বিশাল যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাখনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা, মণ্ডল সভাপতি শংকৰ দাস, ২৭ নম্বৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ভজন দাস আদিৰ উপস্থিতিত ইউপিপিএল দলৰ নেতা নিৰঞ্জন সিংহ, ৰুদ্ৰদ্বীপ দাসসহ বিভিন্ন ৰাইজৰ দলৰ পৰা অহা সহশ্ৰাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। এই যোগদান সভাখনত মন্ত্ৰী গৰাকীয়ে বিজেপিৰ দুৰ্গ বুলি জনাজাত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিটো তৃতীয় বাৰৰ বাবে বিজেপিৰ দখলত আহিব বুলি মন্তব্য কৰি এইবাৰ ভজন দাসে সৰ্বাধিক ভোট লাভ কৰি এক ৰেকৰ্ড গঢ়ি জয়লাভ কৰিব বুলি উল্লেখ কৰে।